অসম

লকডাউনৰ মাজতে ওদালগুৰিত উদ্ধাৰ AK56 ৰাইফল, চীনা গ্ৰেণেডৰ লগতে বহু অস্ত্ৰ-শস্ত্ৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ শুকুৰবাৰে নিশা ওদালগুৰিত উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰ। ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এই অস্ত্ৰসমূহ। গোপন সূত্ৰৰ খবৰ ভিত্তিত আৰক্ষীৰ এটি বৃহত দলে চলাইছিল এই অভিযান। উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে এটা AK56 ৰাইফল।

উদ্ধাৰ হোৱা অস্ত্ৰ্ সমূহৰ ভিতৰত আছে AK56 ৰাইফলৰ ১৬জাই সজীৱ গুলী, ৮ জাই খালী কাৰ্টিজ।লগতে উদ্ধাৰ কৰা হয় প‌ইণ্ট ৩২ পিষ্টলৰ ৫ জাই সজীৱ গুলী আৰু 9mm পিষ্টলৰ ৬জাই সজীৱ গুলী, এটা হস্তনিৰ্মিত পিষ্টল আৰু এটা চাইনীজ গ্ৰেণেড।

নিশা ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ১ নম্বৰ গৰৈবাৰীৰ পৰা উদ্ধাৰ হয় অস্ত্ৰখিনি। অস্ত্ৰখিনিৰ সৈতে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলটোৱে। ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষী থানাত ৰুজু হৈছে এটা গোচৰ। অস্ত্ৰখিনি কাৰ সেয়া এইমূহুৰ্তলৈ জানিব পৰা হোৱা নাই।