অসম

এনডিএফবিৰ ৩১ সংখ্যক শ্বহীদ দিৱস, ওদালগুৰিৰ এনডিএফবি(প্ৰ)ৰ ডেজিগনেটেড কেম্পত শতাধিক কেডাৰৰ উপস্থিতিত পালন

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ শনিবাৰে নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অব্ বডোলেণ্ড চমুকৈ এনডিএফবিৰ ৩১ সংখ্যক শ্বহীদ দিৱস। এনডিএফবি(প্ৰ)ৰ আটাইকেইটা গোটেই এই শ্বহীদ দিৱস পালন কৰে। ওদালগুৰি জিলাৰ সাপখাইটিত থকা সংগঠনটোৰ ডেজিগনেটেড শিবিৰতো ৰাতিপুৱা সাত বজাৰ পৰা শ্বহীদ দিৱস পালন কৰে।

পূৰ্বৰ তুলনাত এইবাৰ গোবিন্দ বসুমতাৰীৰ গোটটোৱে অনুষ্ঠিত কৰা এই দিৱসটিত উপস্থিতি সেৰেঙা হোৱা পৰিলক্ষিত হয়। কাৰণ কিছুদিন পূৰ্বে সংবিধান উলংঘন হোৱা কাৰ্য্যত লিপ্ত হোৱাৰ বাবে পূৰ্বৰ সভাপতি ধীৰেণ বড়োক বহিস্কাৰ কৰিছিল সংগঠনটোৱে। ফলত এই পৰিৱেশৰ যেন সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে হাগ্ৰামা নেতৃত্বধীন বিপিএফে।

ইতিমধ্যে হাগ্ৰামাই ধীৰেন বড়োৰ নতুন গোটক লৈ আলোচনাৰ বাবে মধ্যস্থতাৰ ভূমিকা গ্ৰহণ কৰিব বুলি ঘোষণা কৰাৰ পিছত শনিবাৰে গোবিন্দ বসুমতাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ধীৰেন বড়ো‌ স্বাৰ্থপৰ আৰু ব্যক্তিগত স্বাৰ্থ পুৰণৰ বাবে ৰাজনৈতিক চক্ৰত ভৰি দিয়াটো দুৰ্ভাগ্য জনক বুলি মন্তব্য কৰে বসুমতাৰীয়ে।

ক্ষমতাৰ স্বাৰ্থতহে এটা পক্ষ‌ই বিভাজিত হোৱা বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। সম্প্ৰতি সংগঠনটোৰ তিনিটা গোটৰ পৰা পুনৰ এনডিএফবিৰ মাজত চাৰিটা গোট হোৱাৰ পিছত সংগঠনটোৰ মূল পৃথক বড়োলেণ্ডৰ দাবীয়ে কি ৰূপ লয় সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষ্যনীয়। ইফালে ওদালগুৰি চহৰৰ মাজমজিয়াৰ ওদালগুৰি মহাবিদ্যালয়ৰ সমীপত সংগঠনটোৰ সদ্য বিভাজিত ধীৰেণ বড়োৰ গোটেও এই শ্বহীদ দিৱসটি সুকীয়াকৈ পালন কৰে।