অসম

বড়ো চুক্তিক লৈ ওদালগুৰিৰ ভিন্ন প্ৰান্তত আবতৰীয়া দিপাৱলী, আনফালে চুক্তিৰ বিৰোধিতাৰে আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ বহু উৎকণ্ঠাৰ মুৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিটিচি প্ৰশাসন তথা পৃথক বড়ো ৰাজ্যৰ দাবীৰে আন্দোলন অব্যাহত ৰখা দল-সংগঠনসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত নতুন দিল্লীত বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত বিটিএডিৰ আন প্ৰান্তৰ লগতে ওদালগুৰিৰ বিভিন্ন প্ৰান্ততো ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।

বড়োসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে চৰকাৰে লোৱা পদক্ষেপ তথা বড়ো নেতৃত্বৰ এই সফলতাক আদৰনি জনায়। বিটিএডিৰ অন্যতম জিলা ওদালগুৰিত চুক্তি স্বাক্ষৰৰ প্ৰাকমূহুৰ্তত অৰ্থাৎ যোৱা নিশাৰে পৰা ফটকা ফুটাই আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হয়। ইয়াৰ পাছত আজি পুৱাৰ ভাগৰ পৰাই বিশেষকৈ বড়ো বসতি প্ৰধান অঞ্চলসমূহত স্থানীয় ৰাইজে ফটকা ফুটাই দেৱালী সদৃশ পৰিৱেশৰ সৃষ্টি কৰে।

এনডিএফবি আৰু এবছুৰ জয়ধ্বনিৰে মুখৰিত হৈ পৰে বড়ো অধ্যুষিত অঞ্চলসমূহ। ইপিনে, ওদালগুৰিৰ সাপকাইটি স্থিত এনডিএফবি প্ৰগতিশীলৰ ডেজিগনেটেড শিবিৰৰ লগতে ওদালগুৰিৰ সোনাইগাওঁস্থিত ডেজিগনেটেড শিবিৰৰ এনডিএফবি সদস্যসকলৰ মাজতো ব্যাপক উচাহ পৰিলক্ষিত হয়। ওদালগুৰি সাপকাইটি স্থিত এনডিএফবি প্ৰগতিশীলৰ শিবিৰত চুক্তি স্বাক্ষৰিত হোৱাৰ খবৰ পোৱাৰ লগে লগে ফটকা ফুটাই আৰু আতচবাজী প্ৰদৰ্শন কৰি উল্লাস কৰাৰ লগতে বেণ্ড পাৰ্টীৰ তালে তালে নৃত্য গীত কৰি আনন্দ প্ৰকাশ কৰে।

ইয়াৰোপৰি শিবিৰৰ সকলো সদস্যসকলৰ লগতে তেওঁলোকৰ আত্মীয়কো শিবিৰত নিমন্ত্ৰণ কৰি মিঠাই খুৱাই ইজনে সিজনক অভিনন্দন জ্ঞাপন কৰে। নতুন বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ আনন্দত ওদালগুৰিত এনডিএফবি প্ৰগতিশীলৰ কেডাৰসকলে প্ৰীতি ভোজৰো আয়োজন কৰি ১২ কুইন্টল গাহৰি মাংসৰ লগতে হাঁহ কুকুৰা পাৰ আদিৰে সকলোকে আপ্যায়ন কৰোৱায়।

আবেলি এনডিএফবিৰ প্ৰগতিশীলৰ সভাপতি তথা এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি গোবিন্দ বসুমতাৰীৰ সহধৰ্মিনী ওদালগুৰিৰ সাপকাইটি স্থিত এনডিএফবি প্ৰগতিশীলৰ ডেজিগনটেড শিবিৰত উপস্থিত হৈ এই ঐতিহাসিক চুক্তিক আদৰণি জনোৱাৰ লগতে এই চুক্তিৰ পিছত ৩৫ বছৰীয়া এনডিএফবিৰ সশস্ত্ৰ সংগ্ৰামৰ সামৰণি পৰিব আৰু অঞ্চলটোত স্থায়ী শান্তি ঘুৰি আহিব বুলি আশা ব্যক্ত কৰে।

তেওঁ লগতে এই দীঘলীয়া সংগ্ৰামৰ সময়ত কেনেদৰে ভয় শংকাৰে সশস্ত্ৰ সংগ্ৰামীসকলৰ পৰিয়ালবৰ্গই জীৱন কটাব লগীয়া হৈছিল সেয়া স্মৰণ কৰি আবেগিক হৈ পৰাও পৰিলক্ষিত হয়। এই চুক্তিয়ে বড়ো জাতিৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিব বুলি উল্লেখ কৰি এই চুক্তিৰ দ্বাৰা অঞ্চলটোৰ কোনো জাতি জনগোষ্ঠীৰ তিনমানো ক্ষতি নোহোৱাকৈ সকলোৱে সম অধিকাৰ লাভ কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰে।

অৱশ্যে অনাগত দিনত নিজৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে বড়ো জাতিয়ে আৰু সংগ্ৰাম কৰিব লগীয়া হবনে নাই সেয়া সময়হে কব বুলিও তেওঁ মন্তব্য কৰে। ইফালে চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ওদালগুৰি জিলা এবছু কাৰ্যালয়ত বগা পতাকা উত্তোলনেৰে অনাগত দিনত বিটিচি অঞ্চলত শান্তিৰ বাতাৱৰণ সুচনা হোৱাৰ আশা প্ৰকাশ কৰে।

ইয়াৰ বিপৰীতে ওদালগুৰি চহৰত ৰাতি পূৱাৰ পৰাই দেখা পোৱা গ ল এক অন্য বিপৰীত ছবি। নতুন বড়ো চুক্তিৰ বিৰোধিতাৰে অবড়ো সুৰক্ষা সমিতি, আক্ৰাছু, আদিবাসী ছাত্ৰ সন্থা, এবিএমছু আদি কেবাটাও সংগঠন আহ্বান জনোৱা অনিৰ্দিষ্ট বিটিচি বন্ধৰ প্ৰতি ওদালগুৰিৰ ব্যৱসায়ীসকলে স্বতঃস্ফুৰ্ত সঁহাৰি জনাই সমগ্ৰ ওদালগুৰি চহৰ বন্ধ ৰাখি এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্থ কৰে।

বন্ধৰ সময়ছোৱাত ওদালগুৰি জিলাখনত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও সকলো প্ৰকাৰৰ যাত্ৰী বাহী যান বাহনৰ চলাচল বন্ধ থকাৰ লগতে দোকান-পোহৰ, বেংক-ব্যাৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদি সম্পূৰ্ণৰূপে বন্ধ থাকে।