অসম

আমাক ভাত কেতিয়া দিব? ওদালগুৰিত হাতে-হাতে কাঁহি লৈ শিক্ষাৰ্থীৰ প্ৰশ্ন…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহত চলি থকা মধ্যাহ্ন ভোজনৰ ৰন্ধন প্ৰণালী বেচৰকাৰী সংগঠনৰ হাতত অৰ্পন কৰা এসপ্তাহ উকলি গ'ল। কিন্তু ইয়াৰ পাছতো ওদালগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত বহু বিদ্যালয়ত আজি পৰ্যন্ত প্ৰৱেশ কৰা নাই বেচৰকাৰী সংগঠনৰ গাড়ী অথৱা মধ্যাহ্ন ভোজন। ফলত নতুন ব্যৱস্থাটো আৰম্ভ হোৱাৰ দিন ধৰি উক্ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰতিদিনে মধ্যাহ্ন ভোজনৰ আশাত অনাহাৰে থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। জিলাখনৰ উত্তৰাঞ্চলৰ বিদ্যালয়সমূহত আজি পৰ্যন্ত শিক্ষাৰ্থীসকলে মধ্যাহ্ন ভোজন লাভৰ পৰা বঞ্চিত হৈ আছে।

বেচৰকাৰী সংগঠনৰ দ্বাৰা বিতৰণ কৰা মধ্যাহ্ন ভোজন লাভ নকৰা বিদ্যালয়সমূহৰ একাংশ হৈছে নং ৩ বড়িগাওঁ প্ৰাথমিক বিদ্যালয়, পাহাৰপুৰ প্ৰাথমিক বিদ্যালয়, পশ্চিম জংগল বড়িগাও প্ৰাথমিক বিদ্যালয়, জংগল বড়িগাওঁ প্ৰাথমিক বিদ্যালয় লগতে ক্ৰমাৎ দীঘলীয়া হৈ পৰিছে তালিকাখন। ইফালে অতি আশ্চৰ্যকৰ বিষয় এয়ে যে অন্য বিদ্যালয়ৰ কথাটো বাদেই, ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সীমাতে লাগি থকা বগৰীগুৰি প্ৰাথমিক বিদ্যালয়তে বৃহস্পতিবাৰে নাহিল এনজিঅ'ই যোগান ধৰা মধ্যাহ্ন ভোজন।

ফলত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে দিনটো একো নোখোৱাকৈ অৱশেষত নিজ নিজ ঘৰলৈ যায়। ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসমূহৰ অভিভাৱকৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। অভিভাৱকসকলে কয় যে চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই নিজ খিয়াল খুচি মতে ব্যক্তিগত বিদ্যালয়সমূহে নিজৰ কাম চলাই নিয়াৰ পাছতো সেইসমূহ বিদ্যালয়ক নিয়ন্ত্ৰণ কৰিব পৰা নাই ৰাজ্যৰ শিক্ষা বিভাগটোৱে।

কিন্তু কেৱল মুনাফা লাভৰ স্বাৰ্থত ৰাজ্যত নিয়াৰিকৈ চলি থকা মধ্যাহ্ন ভোজনৰ দ্বায়িত্ব এনজিঅ'ৰ হাতত গতাই শিক্ষামন্ত্ৰীগৰাকীয়ে কন কন শিক্ষাৰ্থীসকলক বিদ্যালয়ত লঘোন দিয়াই পাঠদান কৰিছে। লগতে অভিভাৱকসকলে কয় যে পূৰ্ৱে যিসমূহ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত অনিয়ম সংঘটিত হৈছিল, সেইসমূহ বিদ্যালয়ৰ লোকক নিয়ন্ত্ৰণ কৰিব নোৱাৰি এতিয়া তাৰ বাবে শিক্ষাৰ্থীসকলক শাস্তি দিছে শিক্ষামন্ত্ৰীয়ে।

ইফালে বৃহস্পতিবাৰে ওদালগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত একাংশ বিদ্যালয়ত তিনিচকীয়া অটো বাহনেৰে বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন যোগান ধৰা হয় যদিও কিছু কিছু বিদ্যালয়ত খাদ্যৰ বাবে উপযোগী হৈ নুঠা মধ্যাহ্ন ভোজন যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে।

এই সন্দৰ্ভত ওদালগুৰি শিক্ষাখণ্ডৰ ৫৬৮ খন বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ দ্বায়িত্ব লাভ কৰা দিল্লীৰ পৰশ এগ্ৰো ছ'চাইটি কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে কয় যে কিছু বিজুতিৰ বাবে এনজিঅ'টোৱে শিক্ষাখণ্ডটোৰ অন্তৰ্গত বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন বিতৰণ কৰাত অসুবিধাৰ সৃষ্টি হৈছে। লগতে শুক্ৰবাৰৰ পৰা শিক্ষাখণ্ডটোৰ প্ৰতিখন বিদ্যালয়লৈ মধ্যাহ্ন ভোজন প্ৰেৰণৰ আশ্বাস প্ৰদান কৰিছে বেচৰকাৰী সংগঠনটোৰ কৰ্মকৰ্তাই। এফালে পূৰ্ৱৰ ৰন্ধন কাৰ্যত নিয়োজিত কৰ্মচাৰীৰ প্ৰতিবাদ আৰু আনফালে দ্বায়িত্ব লাভ কৰা এনজিঅ' সমূহৰ মইমতালিৰ মাজতে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ কন কন শিক্ষাৰ্থী।