অসম

ওদালগুৰিত কোচৰাজবংশী সন্মিলনীৰ চিলাৰায় দিৱস পালন

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে ওদালগুৰিতো মঙলবাৰে আক্ৰাছুৰ ওদালগুৰি জিলা সমিতিয়ে বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫০৯ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে। ওদালগুৰি চিলাৰায় ভৱন প্ৰাঙ্গনত আয়োজন কৰা চিলাৰায় দিৱসৰ পতাকা উত্তোলন কৰে জিলা কোঁচ-ৰাজবংশী সন্মিলনীৰ সভাপতি খজেন ডেকাই।

পতাকা উত্তোলনৰ পিছত কোঁচ-ৰাজবংশী মহিলাসকলে সমবেত সংগীত পৰিবেশন কৰে। আনহাতে, বিশ্ব মহাবীৰ চিলাৰায়ৰ স্থায়ী প্ৰতিমুৰ্তিত মাল্যৰ্পণ কৰা হয়। ইয়াৰ লগতে কোঁচ-ৰাজবংশী লোকসকলক কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে জনজাতিকৰণৰ নামত কৰা বাৰাম্বাৰ প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠে সমিতিখন।

বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমুৰ্তিৰ সন্মুখত থিয় হৈ শপত খাই চৰকাৰক সকিয়াই কয় যে, কোঁচ-ৰাজবংশীসকলক প্ৰতাৰণা কৰি চৰকাৰে নিৰ্বাচনী বৈতৰণী পাৰ হব নোৱাৰে।

জনজাতি কৰণ নহলে কোঁচ-ৰাজবংশীসকলক ৰাজপথত নমাৰ পৰা কোনেও বাধা দিব নোৱাৰে আৰু ইয়াৰ কুফল চৰকাৰে ভুগিবই লাগিব। অনুষ্ঠানত অংশগ্ৰহন কৰে জিলা সমিতিৰ বহু বিষয়বৱীয়াই।