অসম

ওদালগুৰিত ২য় জাষ্টিন লাক্ৰা মেম’ৰিৰেল ফুটবল প্ৰতিযোগীতাৰ শুভাৰম্ভণী

asomiyapratidin

ডিজিটেল সংবাদ, হৰিশিঙাঃ আদিবাসী সকলৰ জাতীয় পিতা জাষ্টিন লাক্ৰাৰ দ্বিতীয় বাৰ্ষিক সোৱৰণী ফুটবলখেলৰ উদ্বোধনী খেলখন ওদালগুৰি জিলা আছাৰ উদ্দ্যোগত বুধবাৰে হাতীগড় খেলপথাৰত অনুস্থিত হয়। খেলখনৰ আৰম্ভণীতে পতাকা উত্তোলন কৰে আছাৰ ওদালগুৰি জিলা সভাপতি টিংকু ওৰাঙে।

তাৰ পাছতে জাষ্টিন লাক্ৰাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। হাতীগড় চাহ বাগিচাৰ মেনেজাৰ প্ৰাণ প্ৰতিম ভট্টাচাৰ্য্যই উক্ত খেলখনৰ শুভাৰম্ভ কৰে। কবিৰালি এফ চি আৰু আটাৰিখাত এফ চি দলে অংশগ্ৰহণ কৰা খেলখনত কবিৰালিয়ে আটাৰিখাতক ১-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।

উক্ত খেলখনত হৰিশিঙা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমাংকুৰ হাজৰিকা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সভাপতি টিংকু ওৰাং, আছাৰ জিলা সাংগঠনিক সম্পাদক ৰবিন গোৱালাকে আদি কৰি বহু সংখ্যক লোক উপস্থিত আছিল।