অসম

ওদালগুৰিৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ তালুকদাৰৰ দেহাৱসান…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰিৰ জেষ্ঠ্য সাংবাদিক তথা ওদালগুৰি প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি প্ৰদীপ কুমাৰ তালুকদাৰে ৬০ বছৰ বয়সত মঙলবাৰে ইহলীলা সম্বৰণ কৰে। ১৯৫৯ চনত ওদালগুৰিত জন্ম লাভ কৰা তালুকদাৰে ওদালগুৰি গণেশ বজাৰ পথত স্থায়ীভাৱে বসৱাস কৰিছিল। প্ৰয়াত তালুকদাৰে তাহানিতেই পূৰ্ৱাঞ্চল(১৯৮৯), অগ্ৰগতি, অমৰজ্যোতি, দেশৰ প্ৰগতি ইত্যাদি বাতৰি কাকতত স্থানীয় সাংবাদিক হিচাপে সংবাদসেৱা আগবঢ়াইছিল।

ইয়াৰোপৰি তেখেতে ধনশ্ৰী জলসিঞ্চন বিভাগত কৰ্মৰত থাকি চলিত বৰ্ষতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। গুৱাহাটীৰ পৰা প্ৰকাশিত "আমাৰ অসম" দৈনিক বাতৰি কাকতত জন্ম লগ্নৰে পৰা মৃত্যু পৰ্যন্ত জিলা প্ৰতিনিধি হিচাপে সেৱা আগবঢ়াই আহিছিল তালুকদাৰে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা সাংবাদিকগৰাকীয়ে এই ৰোগৰ পৰা প্ৰায়েই উপসম হৈছিল যদিও প্ৰায় এপষেক পূৰ্ৱৰ পৰা শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ তেখেতে সোমবাৰে তেজপুৰৰ টাইমছ্ হাস্পাতালত চিকিৎসাধীন হয়। স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত তেওঁক চিকিৎসকে আইচিইউত ভৰ্তি কৰে।

চিকিৎসকে সোমবাৰে সুকলমে সাংবাদিকগৰাকীৰ হাওঁফাও অস্ত্ৰোপচাৰ সম্পন্ন কৰে যদিও অস্ত্ৰোপচাৰৰ বিষয়ে জ্ঞাত হৈ আজি তেওঁ হাৰ্ট ফেইল কৰে বুলি জানিব পৰা গৈছে। পাছত চিকিৎসাধীন অৱস্থাত আজি দিনৰ ১:৩০ বজাত তেওঁৰ মৃত্য হোৱাৰ কথা ঘোষণা কৰে। অতি সুন্দৰ হাতৰ অধিকাৰী সাংবাদিক তালুকদাৰে স্পষ্ট আৰু নিৰ্ভিকতাৰে মৃত্যু পৰ্যন্ত কাকতত নিজৰ সেৱা আগবঢ়াই গৈছিল। মৃত্যুৰ আগমূহুৰ্তলৈ বিভিন্ন অনুসন্ধানমুলক বাতৰি পৰিৱেশণ কৰি অন্যায়, দুৰ্নীতিৰ বিৰুদ্ধে কলমেৰে প্ৰতিবাদ কৰি আহিছিল।

প্ৰয়াত সাংবাদিক তালুকদাৰ সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি পদ অলংকৃত কৰাৰ লগতে ওদালগুৰি প্ৰেছ ক্লাবৰ প্ৰায় বাৰ বছৰ কাল সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ বহু বছৰ ওদালগুৰিৰ অনুৰাগ গোষ্ঠীৰো সাধাৰণ সম্পাদক হিচাপেও কাম কৰিছিল। সাংবাদিকগৰাকীৰ নশ্বৰ দেহ আজি বিয়লি ৫-৩০ বজাত ওদালগুৰিৰ নিজা বাসগৃহত উপস্থিত হোৱাত এক শোকাকুল পৰিৱেশৰ মাজত বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ওদালগুৰিৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ তালুকদাৰৰ মৃত্যুত ওদালগুৰি প্ৰেছ ক্লাৱ, ওদালগুৰি জিলা, মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ওদালগুৰি জিলা সাংবাদিক সন্থা, ওদালগুৰি জিলা বাৰ্তাজীবি সংঘ, ওদালগুৰি জিলা আপকু, বিটিএডি সাংবাদিক সন্থা, ভেৰগাওঁ প্ৰেছ ক্লাৱ, কলাইগাওঁ প্ৰেছ ক্লাৱ, ওদালগুৰি জিলা নেপালী সাহিত্য সভা, ওদালগুৰি শাখা সাহিত্য সভা, অনুৰাগ গোষ্ঠী, অসমীয়া যুৱ মঞ্চ, মন্ত্ৰী ৰিহন দৈমাৰী, বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰী আদি বিভিন্ন সংস্থা সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী তথা এজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়। সাংবাদিকগৰাকীৰ নশ্বৰ দেহ ওদালগুৰিৰ গলন্দীস্থিত ৰাজহুৱা শ্মশানত শেষকৃত্য কৰা হয়।