অসম

বুধবাৰে ওদালগুৰি জিলাত স্থানীয় বন্ধ ঘোষণা…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ খৈৰাবাৰীস্থ দাউহাৰু ক্ষেত্ৰত ২০ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৫৯ সংখ্যক বড়ো সাহিত্য সভা। সভাখনৰ অন্তিম দিনাখনৰ কাৰ্যসূচীত স্থানীয় ৰাইজৰ অংশগ্ৰহণৰ সুবিধাৰ্থে সমগ্ৰ ওদালগুৰি জিলাতে স্থানীয় বন্ধ ঘোষণা কৰিছে ওদালগুৰি জিলা প্ৰশাসনে।

মঙলবাৰে ওদালগুৰি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া স্বাক্ষৰিত এক নিৰ্দেশপত্ৰযোগে সমগ্ৰ ওদালগুৰি জিলাতে কাৰ্যকৰী হোৱাকৈ এই বন্ধ ঘোষণা কৰা হৈছে। নিৰ্দেশপত্ৰখনত উল্লেখ কৰা অনুসৰি এই স্থানীয় বন্ধৰ দিনটোত জিলাখনৰ সমূহ চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ থকাৰ কথা উল্লেখ কৰিছে।