অসম

আলফা স্বাধীনত যোগদান পুত্ৰৰ, ঘূৰাই পঠাবলৈ পৰেশ বৰুৱাক কাতৰ আহ্বান মাতৃৰ

asomiyapratidin

ডিজিটেল সংবাদ,ওদালগুৰিঃ নৱপ্ৰজন্ম সশস্ত্ৰ সংগ্ৰামৰ দিশে। ওদালগুৰি জিলাত আলফাৰ ২ অভাৰ গ্ৰাউণ্ড সদস্য আটক হোৱাৰ পিছতে আটকাধীন সদস্যকেইজনৰ পৰা ভয়ংকৰ তথ্য ফাদিল হৈছে। সদস্য কেইজনৰ স্বীকাৰোক্তিৰ মতে ওদালগুৰি জিলাখনৰ পৰা ৩ জন লোকক আলফা স্বাধীনত যোগদান বাবে যোগাযোগ কৰাই দিছিল তেওঁলোকে । জিলাখনৰ হৰিশিঙা আৰক্ষী চকীৰ অন্তৰ্গত আমজুলি গাঁওৰ বলেন ডেকা আৰু ডিম্বেশ্বৰ ডেকাক আৰক্ষীয়ে আটক কৰা পিছতে আৰক্ষীৰ জিন্মাত ৩ গৰাকী যুৱকক আলফা স্বাধীনৰ হাতত গতাই দিয়াৰ ভয়ংকৰ তথ্য দিয়ে ধৃত সদস্য কেইজনে ।

বলেন ডেকা আৰু ডিম্বেশ্বৰ ডেকাই ডিমাপুৰলৈ লৈ গৈ আলফা স্বাধীনৰ কেডাৰৰ হাতত গটাই দিয়ে এই ৩ যুৱকক । বলেন ডেকা নামৰ ধৃত লিংকমেন গৰাকীৰ মতে জিলাখনৰ কলাইগাওঁৰ নাহৰবাৰীৰ শশাংক আৰু ধনজিৎত পিছত হৰিশিঙাৰ আমলাইগুৰিৰ জয়ন্ত ডেকাক লৈ গৈছিল আলফালৈ । উল্লেখযোগ্য যে যোৱা ১৯ ছেপ্তেম্বৰৰ পৰা নিখোজ হৈছিল ২২ বছৰীয়া জয়ন্ত ডেকা । নিখোজ হোৱা পিছতে হৰিশিঙা আৰক্ষী চকীত জাননী দাখিল কৰিছিল পৰিয়ালৰ লোকে ।

তাৰ পিছৰে পৰা কোনো সম্ভেদ পোৱা নাছিল জয়ন্তৰ । অৱশেষত হৰিশিঙা আৰক্ষীয়ে আটক কৰা লিংকমেন দুগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত আলফাত যোগদান কৰাৰ ভয়ংকৰ তথ্য বাতৰিকাকত যোগে গম পায় । পু্ত্ৰ আলফাত যোগদান কৰাৰ খবৰ পাই দুখত ভাগি পৰে পিতৃ-মাতৃ। জয়ন্তৰ মাতৃ স্থানীয় বিদ্যালয়ৰ ৰান্ধনী হিচাপে আৰু পিতৃয়ে খেতি কৰি কোনোমতে পৰিয়াল পোহপাল দি আছিল । দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া দ্বিতীয় পুত্ৰ জয়ন্তক ঘূৰাই দিয়াৰ বাবে অনুৰোধ জনাইছে আলফা স্বাধীনৰ সেনাধক্ষ্য পৰেশ বৰুৱাক । উচ্চতৰ মাধ্যমিকৰ দ্ধিতীয় বৰ্ষৰ ছাত্ৰ জয়ন্তক লৈ বহু আশা আছিল পিতৃ মাতৃৰ । ৰ্দুভগীয়া মাতৃৰ হিয়া ভৰা কান্দোনে কাতৰ অনুৰোধ পৰেশ বৰুৱালৈ " মোৰ পুত্ৰক ঘূৰাই দিয়ক "।