অসম

ওদালগুৰিত বানত উটিল মহিলা, ছাৰলৈ বাৰ্তা পঠাই বহি থাকিল দুৰ্যোগ প্ৰশমনৰ বিষয়া

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰিত ভূটানৰ পানীয়ে ভাঙিলে গলন্দী নৈৰ মথাউৰি। পানীত উটি গ'ল এগৰাকী মহিলা। নৈৰ পানীত প্লাবিত বিস্তীৰ্ণ কৃষিভূমি। ভূটান প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ভূটান পাহাৰৰ পৰা বৈ অহা পানীয়ে সংহাৰ ৰূপ ধাৰণ কৰে। পানীয়ে ছিঙি পেলাই ওদালগুৰিৰ গলন্দী নৈৰ মথাউৰি।

পুৱতি নিশাৰ এই বাঢ়নী পানীয়ে ওদালগুৰিৰ গলন্দী নৈৰ শ্বুইছ গে'টৰ সমীপত মথাউৰিৰ ভালেখিনি অংশ ছিঙি পেলায়। ফলত দক্ষিণ পাৰৰ কেইবাখনো গাঁৱৰ বহু পৰিয়ালৰ বাসগৃহ পানীত বুৰ যায়।

উল্লেখ্য যে বিগত দুমাহ পুৰ্বে নতুনকৈ নিৰ্মাণ কৰিছিল এই মথাউৰিটো। চৰকাৰৰ নিৰ্দেশনাৰ বিপৰীতে বহুপলমকৈ নিৰ্মাণ কৰা তথা কামত গাফিলতি কৰা বাবেই মথাউৰিটো উটুৱাই নিয়া বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। আনহাত হঠাতে অহা বানপানীয়ে ওদালগুৰিৰ পুৰণি থানা গাঁৱৰ আনন্দী চৌহান(৫০) নামৰ মহিলাগৰাকীক গলন্দী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে।

ইয়াৰ দুই ঘণ্টা পাছতো ঘটনাস্থলীত তথা বানপীড়িতৰ খবৰ লবলৈ আহৰি নাই জিলা প্ৰশাসনৰ। খবৰ নাই দুৰ্যোগ প্ৰশমন বিভাগৰ। উটি যোৱা মহিলাগৰাকী সন্দৰ্ভত একোৱে তথ্য নাই বিয়াগোম বিভাগটোৰ হাতত। ইফালে উটি যোৱা মহিলাগৰাকীক উদ্ধাৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। নাই এনডিআৰ‌এফ বাহিনীৰ উদ্ধাৰকাৰী দল।

কেৱল মাত্ৰ উৰ্দ্ধতম কৰ্তৃপক্ষক বাৰ্তা প্ৰেৰণ কৰিয়েই দ্বায়িত্ব সামৰিছে দুৰ্যোগ প্ৰশমন বিভাগে। ফলত মহিলাগৰাকীৰ অসহায় দুই পুত্ৰ সন্তানে নদীত বিপদসংকুলভাৱে চলাই আছে উদ্ধাৰকাৰ্য। এনেদৰেই এতিয়া জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ কুম্ভকৰ্ণ নিদ্ৰাই প্ৰাণ হৰিছে এজনৰ পিছত আনজনৰ।