অসম

ওদালগুৰিত নিশা ভয়ংকৰ অগ্নিকাণ্ড…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ দেৱালীৰ আনন্দ উৎসাহৰ মাজতে নিশা ওদালগুৰিত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। নিশা প্ৰায় ১১ মান বজাত চহৰখনৰ মাজমজিয়াস্থিত গনেশ বজাৰৰ সাহা ইলেকট্ৰনিক নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুই লাগে। পিছত প্ৰত্যক্ষদৰ্শীয়ে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ তৎপৰতাত অগ্নি নিৰ্বাপন হয় যদিও সৌভাগ্যক্ৰমে বৃহৎ অঞ্চলটো ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পৰে। দেৱালীৰ ফটকাৰ জুই অথবা বিদ্যুতৰ শ্বট চাৰ্কিতৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।