অসম

ওদালগুৰিত মুঠ ৫৮১টা কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব ৪,৩৪,৬০৩ ভোটাৰে

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ লোকসভা নিৰ্বাচনকলৈ তৎপৰ হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন। উল্লেখ যে ৮ নং মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি জিলাৰ পানেৰী, ওদালগুৰি আৰু মাজবাট বিধানসভা সমষ্টিৰ নিৰ্বাচন পৰিচালিত হয় ওদালগুৰি জিলা উপায়ুক্তৰ দ্বাৰাই। সোমবাৰে ওদালগুৰি জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দিলীপ কুমাৰ দাসে জিলাখনৰ ৰাজনৈতিক দল আৰু সাংবাদিক সকলক লৈ এক নিৰ্বাচনী সভা আয়োজন কৰে।

ওদালগুৰি জিলা উপায়ুক্তৰ সভাকক্ষত অনুস্থিত সভাখনত বিপিএফ, অগপ, কংগ্ৰেছ আৰু বিজেপিৰ লগতে জিলাখনৰ কেইবাগৰাকীও সাংবাদিক উপস্থিত থাকে। উপায়ুক্তগৰাকীয়ে নিৰ্বাচনী আচৰন বিধি সমুহ ৰাজনৈতিক দল সমুহৰ লগতে সাংবাদিক সকলক অৱগত কৰে। ঘোষিত আচৰন বিধি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে উপায়ুক্ত গৰাকীয়ে।

উল্লেখ্য যে, ওদালগুৰি জিলা প্ৰশাসনৰ দ্বাৰা পৰিচালিত পানেৰী, ওদালগুৰি আৰু মাজবাট বিধানসভা সমষ্টিৰ মুঠ ৫৮১ টা ভোটগ্ৰহন কেন্দ্ৰৰ বিপৰীতে ২৬৪ টা স্পৰ্শকাতৰ আৰু ১০৩ টা অতি স্পৰ্শকাতৰ কেন্দ্ৰ আছে। তিনিওটা সমষ্টিৰ ৪,৩৪,৬০৩ গৰাকী ভোটাৰে দ্বিতীয় পৰ্যায়ত আগন্তুক ১৮ এপ্ৰিলত ভোটদান সাব্যস্ত কৰিব।