অসম

কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন…

asomiyapratidin

ডিজিটেল সংবাদ ওৰাং: ৰাষ্টীয় কৃষি বিকাশ যোজনাৰ অধীনত ওদালগুৰি জিলা কৃষি বিভাগৰ তৰফৰ পৰা জিলাখনৰ কৃষক সকলক উন্নত মানৰ আলুৰ বীজ বিতৰণ কৰা হ'য়। জিলা খনৰ কৃষি কৃষকক সামৰি কৃষি খণ্ডৰ বিকাশৰ বাবে আলুৰ উন্নত মানৰ বীজ প্ৰদান কৰা হ'য় কৃষক সকলৰ মাজত। জিলা কৃষি বিষয়া প্ৰফুল্ল বৰগোহাঁই আৰু কৃষি উন্নয়ন বিষয়া ইন্দু প্ৰাঞ্জল বৰাই আনুষ্ঠানিক ভাৱে উন্নত মানৰ আলুৰ বীজ বিতৰণ কৰে।

কৃষক সকলৰ মাজত বিতৰণ কৰা উন্নত মানৰ আলুৰ বীজৰ নাম কুৰ্ফিজ্যোতি। এই উন্নত মানৰ বীজবিধত আলুত হোৱা ব্ৰাই বেমাৰৰ উপস্থিতি ধৰা নপৰে। ইয়াৰ উপৰিও এছ অ' পি ডি আঁচনিৰ অধীনত জৈবিক কৃষিৰ বাবে কৃষক সকলৰ মাজত কেঁচুসাৰ বিতৰণ কৰা হ'য়। উক্ত বিতৰণ সভাত বি টি চি ৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতী, বিধায়ক আৰু পৰিষদীয় সদস্য সকলৰ প্ৰতিনিধি সকল উপস্থিত থাকে।‌ এই বিতৰণ প্ৰক্ৰিয়াত কৃষি সহায়ক উৎপল কুমাৰ ডেকা আৰু এডিচন মুছাহাৰীয়ে সহযোগীতা আগবঢ়াই।‌