অসম

সুৰক্ষিত নহয় ওদালগুৰি উপায়ুক্ত কাৰ্যা‌লয়! দেৱালত ফুলদানী হৈ ৰৈছে ম্যাদ উকলা ফায়াৰ এক্সটিংগুইছাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰি: অধিক বিপদজনক অৱস্থাত আছে ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়। যিকোনো মূহুৰ্তত সংঘটিত হ'ব পৰা অগ্নিকাণ্ডৰ বাবে মুঠেই সুৰক্ষিত নহয় জিলাখনৰ হৃদপিণ্ড স্বৰূপ উপায়ুক্তৰ কাৰ্যালয়টো। ইয়াৰ মূল কাৰণ হ'ল কাৰ্যালয়টোত যিকোনো মূহুৰ্তত সংঘটিত হ'ব পৰা অগ্নিকাণ্ডৰ সময়ত অগ্নি নিৰ্বাপনৰ বাবে কাৰ্যালয়টোৰ বেৰত ওলোমাই ৰখা ফায়াৰ এক্সটিংগুইছাৰ অৰ্থাৎ অগ্নি নিৰ্বাপনৰ সজুলিবোৰৰ বিগত এবছৰ পূৰ্ৱেই ম্যাদ উকলি গৈছে।

প্ৰায় প্ৰতিটো অগ্নি নিৰ্বাপনৰ বাবে গেছৰ চিলিণ্ডাৰবোৰৰ পৰিস্কৰণৰ তাৰিখ বিগত ২০১৮ চনৰ নৱেম্বৰ মাহতে উকলি গৈছে যদিও আজি পৰ্যন্ত এইসমূহ পুনৰ সক্ৰিয় অথবা নতুনকৈ গেছ ভৰোৱা হোৱা নাই। ফলত এতিয়া যেন কাৰ্যালয়ৰ প্ৰতিখন বেৰতে ফুলদানীৰ দৰে ওলমি আছে এইসমূহ অগ্নি নিৰ্বাপনৰ সজুলি।

উল্লেখ্য যে কোনো দুষ্ট চক্ৰই একাংশ সজুলিৰ গাত ইয়াৰ ম্যাদ সম্পৰ্কে লিখি থোৱা কাগজসমূহ ছিঙি পেলাইছে যাতে কোনেও ইয়াৰ ম্যাদ সম্পৰ্কে জ্ঞাত নহয়। আনহাতে একাংশ ম্যাদ উকলা অগ্নি নিৰ্বাপনৰ সজুলিৰ ওপৰত একাংশ বেচৰকাৰী সংগঠনে "নীড টু ৰিফিল" বুলি পোষ্টাৰ আৰি দিয়াৰ পাছতো সংশ্লিষ্ট বিভাগৰ দৃষ্টিগোচৰ হোৱা নাই এইবোৰ বিষয়।

এইখিনিতে উল্লেখ কৰিব পাৰি যে উক্ত জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদতে আছে জিলা দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কাৰ্যালয়। উক্ত কাৰ্যালয়টোৰ উদ্যোগতে জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত বিভিন্ন সময়ত অনুষ্ঠিত হৈ আহিছে দুৰ্যোগৰ পৰা ৰাইজক উদ্ধাৰ কৰাৰ প্ৰশিক্ষণ। কিন্তু ইয়াৰ পাছতো কাৰ্যালয়ৰ বেৰত ওলমি থকা ম্যাদ উকলা অগ্নি নিৰ্বাপনৰ সজুলিসমূহত দৃষ্টিগোচৰ হোৱা নাই বিভাগটোৰ। এইসম্পৰ্কে কাৰ্যালয়টোলৈ অহা লোকসকলে আশংকা প্ৰকাশ কৰি যিকোনো মূহুৰ্ততে সংঘটিত হব পৰা অগ্নিকাণ্ডৰ পৰা কাৰ্যালয় চৌহদটো কেতিয়াও নিৰাপদ নহয় বুলি উল্লেখ কৰে।

লগতে উক্ত সজুলিসমূহৰ গাত স্পষ্টকৈ ইয়াৰ নৱীকৰণৰ তাৰিখ লিখা থকাৰ পাছতো কি কাৰণত সংশ্লিষ্ট বিভাগবোৰৰ বিষয়টো সন্দৰ্ভত দৃষ্টিগোচৰ হোৱা নাই এই সম্পৰ্কেও কিবা ৰহস্য থকাৰ কথা সন্দেহ কৰিছে। জিলাখনৰ অতি গুৰুত্বপূৰ্ণ তথ্যসমূহ মজুত থকা উপায়ুক্ত কাৰ্যালয়টোত বিদ্যুতিক শ্বৰ্টেই হওঁক বা অন্য কাৰণতেই হওঁক, যিকোনো সময়ত সংঘটিত হব পৰা অগ্নিকাণ্ডৰ বাবে মুঠেই সুৰক্ষিত নহয় ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়টো।