অসম

বৃহস্পতিবাৰে ২৮ জনৰ সৈতে ওদালগুৰিৰ মুঠ ৫৯ জন কোৰোনাত আক্ৰান্ত…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাখনত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৫৯ জনলৈ বৃদ্ধি পাইছে। বুধবাৰে জিলাখনৰ ৰৌতাস্থিত দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিৱাসস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰত থকা দুজন লোকৰ দেহত কোৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত দুয়োগৰাকীকে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইয়াৰে এজন মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত পূৱ নেপালপাৰা গাওঁৰ হৰি শৰ্মা(৪২) আৰু আনজন ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ইকৰাবাৰীৰ জটাৰুল ইছলাম(২০) বুলি জানিব পৰা গৈছে। দুয়োগৰাকীয়ে লোকে ক্ৰমে ২৭ মে' তাৰিখে চেন্নাই আৰু মুম্বাইৰ পৰা অসমলৈ আহিছিল। পিছত দুয়োগৰাকীৰে নমুনা সংগ্ৰহ কৰি তেওঁলোকক ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিৱাসত স্থাপন কৰা অস্থায়ী কোৱাৰেণ্টাইনত ৰখা হৈছিল।

বুধবাৰে অহা ফলাফলত দুয়োৰে শৰীৰত কৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। দুয়োকে নিশাই ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে আজি সন্ধিয়া পৰ্যন্ত জিলাখনত পুনৰ ২৮ জন লোকৰ দেহত কৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। উক্ত লোককেইজনৰ ভিতৰত ১১ জন ৰৌতা দণ্ড চহৰীয়া বিদ্যালয়ৰ ছাত্ৰী নিৱাসস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু তিনিগৰাকী মাজবাট মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰৰ।

লোককেইজন হ'ল ক্ৰমে ৪ নম্বৰ আমজুলিৰ বিকাশ কৰ্মকাৰ৩৪, ৪ নম্বৰ আমজুলিৰ পূৰ্ণ কাৰ্কী(২৫), ভুটিয়াচাঙৰ বধুৱা মাহালী৩৭), পূৱ নেপালপাৰাৰ দূৰ্গা ৰাওট(৪৪), ভুটিয়াচাঙৰ গণেশ কুমাৰ(৩৭), পানেৰী চাব বাগানৰ দ্বিপেন বিশ্বকৰ্মা(২০), নম্বৰ ১ ঝাৰগাওঁৰ পংকজ বড়ো(২৭), দক্ষিন নেপালপাৰাৰ ডম্বৰ চেত্ৰী(২৪), ৪ নম্বৰ আমজুলিৰ বিকাশ তাতী(২১), মাজুলীবস্তিৰ দীপক চেত্ৰী(১৮), মাজুলিবস্তিৰ তুলসী দাস(২৩), বগৰীবাৰী দলচুবাৰ ৰমেশ বসুমতাৰী(৪৫), শ‌ইকীয়া পাৰাৰ তীৰ্থ শৰণীয়া(২৬) আৰু গাছবাৰীৰ চিমাংচা ব্ৰহ্ম(২৯। আটাইকেইজনকে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ যো জা চলোৱা হৈছে।