অসম

ঝাৰখণ্ডত শ্বহীদ ওদালগুৰিৰ জোৱান, শ্বহীদৰ ঘৰত কান্দোনৰ ৰোল, চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ উগ্ৰপন্থীৰ বিৰুদ্ধে যুজি শ্বহীদ ওদালগুৰিৰ পুঠিমাৰীৰ বিশ্বজিৎ চৌহান। ঝাৰখণ্ডত চিআৰপিএফত জোৱান হিচাপে কৰ্মৰত আছিল বিশ্বজিৎ।

ওদালগুৰিৰ কমল চৌহানৰ পুত্ৰ বিশ্বজিৎ চৌহানে (২৪) চাৰি বছৰ পূবে চি আৰ পি এফত যোগদান কৰিছিল। ঝাৰখণ্ডত উগ্ৰপন্থীৰ সৈতে যুজি শ্বহীদ হোৱাৰ খবৰ পোৱাৰ পিছতে সোমবাৰে শোকত ভাগি পৰে পৰিয়ালৰ লোকসকল।

জোৱান জনৰ শ্বহীদ হোৱাৰ খবৰ পোৱাৰ পিছত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে জোৱান জনৰ ওদালগুৰি জিলাৰ পুথিমাৰীস্থিত বাসগৃহত।