অসম

ওদালগুৰিত দুৰ্বৃত্ত‌ই উৰুৱালে ক’লা পতাকা

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰি: ওদালগুৰি চহৰৰ পৰা প্ৰায় ২০ কিমি উত্তৰ-পশ্চিম দিশত অৱস্থিত নং ১ আমজুলিৰ এখন মধ্য ইংৰাজী বিদ্যালয়ত নিশা দুৰ্বৃত্ত‌ই উৰুৱালে ক'লা পতাকা।

অঞ্চলটোৰ ওদালগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত নং ১ মিলনজ্যোতি মাধ্যমিক বিদ্যালয়ত নিশা দুৰ্বৃত্ত‌ই উৰুৱাই থৈ যায় পতাকাখন।

পুৱা প্ৰায় ৬:৩০ বজাত চকীদাৰগৰাকী বিদ্যালয়ত উপস্থিত হৈ ঘটনাটি প্ৰত্যক্ষ কৰি প্ৰধান শিক্ষকক জনায়। পাছত প্ৰধান শিক্ষকে বিষয়টো প্ৰশাসনক অৱগত কৰে।

ইয়াৰ পাছত ঘটনাস্থলীত হৰিশিঙা আৰক্ষীৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক অভিজিৎ গৌতম উপস্থিত হৈ পতাকাখন জব্দ কৰে।

কোনে এই কাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।