অসম

ওদালগুৰিত বিজেপিৰ বিশাল সাংগঠনিক সভা…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যজুৰি কোভিড-১৯ আতংকৰ মাজতে বিটিচিত চলি আছে ইখনৰ পিছত সিখন বৃহৎ নিৰ্বাচনী সভা‌। ইয়াৰ মাজতে দেওবাৰে ওদালগুৰিত বিজেপিয়েও নিজৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত দেওবাৰে ওদালগুৰি জিলাৰ কেইবাটাও প্ৰান্তত বিজেপি দলটোৱে সভা অনুষ্ঠিত কৰে।

৩৮ নং ভৈৰৱকুণ্ড সমষ্টি, ভৈৰৱকুণ্ড মণ্ডল আৰু ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰঙ্গণত দলটোৱে বিশাল সাংগঠনিক ও কোভিড-১৯ সজাগতা সভা অনুষ্ঠিত কৰে। বিয়লি প্ৰায় ৩.৩০ বজাত অনুষ্ঠিত এই সভাত ভাষণ প্ৰদান কৰি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কেইৱাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়- বিটিচিত এতিয়া ৰাইজ ইলদল ভাঙি বিজেপিৰ সমৰ্থনত ওলাই আহিছে। আগন্তুক নিৰ্বাচনত বিজেপি দলে বিটিচি দখল কৰি ইয়াত চলি থকা অপশাসন-দুৰ্নীতি নাইকীয়া কৰি পেলাব। আমি এনে এখন বিটিচিৰ সপোন দেখিছো, য'ত কেৱল পৰিষদৰ কাৰ্যবাহী সদস্যৰ পৰিয়ালেই চাকৰি নাপায় সকলো লোকে চাকৰিৰ অধিকাৰ পাব লাগিব।

ইফালে আন এক প্ৰসঙ্গ উত্থাপন কৰি বিজেপি নেতাগৰাকীয়ে কয় যে- অসমত থকা বাংলাদেশী মূলৰ মানুহখিনিয়ে কেৱল মাত্ৰ কংগ্ৰেছ বা এআইইউডিএফকহে ভোট দি জয়ী কৰি আহিছে। যাৰ বাবে আমি ভাবি চাবলৈ সময় হ'ল। অন্যথা আজমলৰ সাঙ্গু পাঙ্গুও এদিন বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য হবলৈ গৈ আছে। ইফালে বিটিচিত নিৰ্বাচনী অধিসূচনা জাৰী হৈ থকা হেতুকে বন্ধ হৈ থকা অৰুণোদয় আচনিক লৈও মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ৰাজ্য চৰকাৰৰ কেতবোৰ আচনিৰ খতিয়ানো ভাষণত দাঙি ধৰে।

আনহাতে, কোভিড-১৯ৰ মাজত এনেদৰে বিশাল সভা অনুষ্ঠিত কৰাক লৈ সাংবাদিকে সোধা প্ৰশ্নত হাজৰিকাই কয় যে যিহেতে বিপিএফ-ইউপিপিএল-কংগ্ৰেছ সকলোৱে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, সেয়েহে বিজেপি দলেও এনেদৰে সভা কৰিবলৈ বাধ্য হৈছো। উল্লেখ্য যে এই বিশাল জনসভাত কভিড১৯ প্ৰটকল ভঙ্গ হোৱা পৰিলক্ষিত হয়।

কোনো ধৰণৰ সামাজিক ব্যৱধান নোহোৱাকৈ বহু স‌খ্যক লোকে মাস্কবিহীনভাৱে সভাত অংশ লোৱা দৃশ্যও দেখা যায়। এই সভাত জিলা বিজেপিৰ সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো, সম্পাদকদ্বয় ক্ৰমে অজয় কুমাৰ হাজৰিকা, বিৰদাও বসুমতাৰীসহ ওদালগুৰি জিলাৰ কেইৱাটাও পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীসকল উপস্থিত থাকে।