অসম

‘বিপিএফ বিজেপিৰ অভিভাৱক নহয়, ৪০ আসনতে নিৰ্বাচন খেলিব বিজেপিয়ে…’

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ "বিপিএফ দল বিজেপিৰ অভিভাৱক নহয়। বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দলে বিপিএফৰ অনুমতি লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। বিজেপিয়ে আগন্তুক বিটিচি নিৰ্বাচনত ওদালগুৰি জিলাৰ ১০টা সমষ্টিৰ লগতে বিটিচিৰ আন তিনিখন জিলাৰ সৰ্বমুঠ ৪০ খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব। বিটিচি অঞ্চলত বিজেপিৰ উত্থানক লৈ এতিয়া শংকিত হৈ পৰিছে বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰী। ফলত বিভিন্ন ৰাজহুৱা সভা-সমিতিত ৰাইজক বিভ্ৰান্তি কৰিবলৈ নিজৰ ব্যক্তিগত মন্তব্য প্ৰদান কৰি আহিছে।" এই মন্তব্য ওদালগুৰি জিলা বিজেপিৰ সভাপতি কাৰ্তিক চন্দ্ৰ বড়োৰ।

ৰাফেল কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছৰ তদানীন্তন সভাপতি ৰাহুল গান্ধীয়ে "চকীদাৰ চোৰ হ্যে" বুলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰিছিল। কিন্তু উক্ত কেলেংকাৰীৰ ক্ষেত্ৰত ন্যায়ালয়ে ৰায় প্ৰদান কৰি ৰাফেল বিমান ক্ৰয় সন্দৰ্ভত কোনো ধৰণৰ কেলেংকাৰী নোহোৱা বুলি উল্লেখ কৰাত এতিয়া ৰাহুল গান্ধীক দেশৱাসীৰ ওচৰত ক্ষমা খোজাৰ বাবে বিজেপিয়ে দাবী উত্থাপন কৰিছে। এই দাবীৰে শনিবাৰে ওদালগুৰি জিলা বিজেপিয়ে স্থানীয় বিষ্ণু ৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত আজি এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীৰে ৰাহুল গান্ধীক তেওঁৰ মিথ্যাচাৰৰ বাবে দেশৱাসীৰ ওচৰত ক্ষমা খোজাৰ বাবে দাবী উত্থাপন কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি জিলা বাজেপিৰ সভাপতি কাৰ্তিক চন্দ্ৰ বড়োৱে কালি ওদালগুৰিৰ খৈৰাৱাৰীত প্ৰদান কৰা মন্তব্য সন্দৰ্ভত হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰে। সভাখনত হাগ্ৰামাই কৈছিল যে আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ, বিজেপি আৰু অগপে একেলগে নিৰ্বাচন খেলিম। পৰিষদখনৰ ৪০ টা সমষ্টিৰ ভিতৰত অগপই দুটা বা এটা সমষ্টি বিচৰাৰ বিপৰীতে বিজেপিয়ে পাঁচটা বা ছয়টা সমষ্টি বিচৰা বুলি উল্লেখ কৰি বাকীকেইখন আসনত বিপিএফে খেলিব বুলি হাগ্ৰামাই ৰাজহুৱা সভাত মন্তব্য কৰিছিল। এই মন্তব্যৰ পাছতে ক্ষুদ্ধ হৈ পৰিছে জিলা বিজেপিৰ নেতৃত্ব তথা তৃণমূল কৰ্মীসকল।

হাগ্ৰামাৰ মন্তব্যৰ বিৰোধীতা কৰি অনাগত বিটিচি নিৰ্বাচনত বিজেপি দলটোৱে সম্পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হৈ কেউখন আসনতে প্ৰতিদন্দিতা কৰাৰ কথা উল্লেখ কৰিছে কাৰ্তিক চন্দ্ৰ বড়োৱে। বিজেপিৰ তৃণমূল কৰ্মীসকলে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত দলটোক অকলেই যুজ দিয়াৰ বাবে নেতৃত্বক দাবী উত্থাপন কৰি নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে।

এনে ক্ষেত্ৰত বিপিএফ নেতৃত্ব তথা হাগ্ৰামাই নিজৰ ব্যক্তিগত মন্তব্যৰ জৰিয়তে ৰাইজক বিভ্ৰান্তি কৰিব বিচাৰিছে বুলি বড়োৱে অভিযোগ কৰে। আজিৰ এই ধৰ্না কাৰ্যসূচীত প্ৰায় দুইশতাধিক বিজেপি কৰ্মী উপস্থিত থাকে।