অসম

ওদালগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাফেল বিমান ক্ৰয় সন্দৰ্ভত কংগ্ৰেছ দলৰ মিথ্যাচাৰৰ বিৰুদ্ধে বুধবাৰে ওদালগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলা সমিতিয়ে। ওদালগুৰি জিলা সদৰৰ পৰা চহৰখনৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই বিজেপি নেতৃত্ব তথা কৰ্মীসকলে জিলা উপায়ুক্ত কাৰ্যালয় অভিমুখে গতি কৰে।

জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰৱেশত আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পাছত কৰ্মীসকলে চৌহদৰ সমীপত অৱস্থান গ্ৰহণ কৰে। আনহাতে বিজেপিৰ জিলা সভাপতিৰ নেতৃত্বত এটা প্ৰতিনিধি দলে প্ৰশাসনৰ অনুমতিসাপেক্ষে উপায়ুক্ত কাৰ্যালয় চৌহদত প্ৰৱেশ কৰি অতিৰিক্ত উপায়ুক্তৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। উক্ত স্মাৰকপত্ৰখন জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা বুলি বিজেপি নেতৃত্ব‌ই সাংবাদিকক জানিবলৈ দিয়ে।

উল্লেখ্য যে বুধবাৰৰ প্ৰতিবাদী সমদলত বিজেপিকৰ্মীৰ উপস্থিতি আশানুৰূপ নাছিল। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো, জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি-সম্পাদক ক্ৰমে ধ্ৰুৱজ্যোতি শৰ্মা, নৱজিৎ দাসৰ লগতে আন বিজেপি কৰ্মী।