অসম

ওদালগুৰি সাহিত্য সভাৰ উদ্যোগত সুধাকন্ঠৰ ওপজা দিন উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো ভাৰতৰত্ন ড°ভূপেন হাজৰিকাৰ ওপজা দিনটো ওদালগুৰি সাহিত্য সভা ভৱন চৌহদত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ওদালগুৰি সাহিত্য সভাৰ সভাপতি বীণাপাণি দেৱীয়ে আৰু সুধাকন্ঠৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে উপ সভাপতি প্ৰমোদ বৈশ্যই।

বিয়লি ৪ বজাত সুধাকন্ঠৰ সোঁৱৰণত স্মৃতিচাৰণ সভাৰ লগতে গীত মাত কবিতা আবৃত্তিৰ অনুষ্ঠান অনুষ্ঠিত হয়। বিয়লি ৫.৩০ বজাত তিনি সাহিত্যিক ২০১৯ বৰ্ষৰ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিবলৈ সক্ষম হোৱা ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সম্পাদক ক্ষীতেশ্বৰ শৰ্মা, ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি দেৱৰাজ সাপকোটা আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য বিষ্ণু শৰ্মা নেওপানেক সম্বৰ্ধনা জনোৱা হয়।

সন্ধিয়া ৬.৩০ বজাত অনুষ্ঠিত হয় ৯৩ গচি বন্তি প্ৰজ্বলন অনুষ্ঠান। উক্ত অনুষ্ঠানত অসম সাহিত্য সভাৰ আজীৱন সদস্য-সদস্যা, ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সম্পাদক, বিশিষ্ট নাগৰিক, সাংবাদিক সকলে অংশ গ্ৰহণ কৰে।