অসম

পূজাৰ বতৰত এটিএমত নাই ধন, ওদালগুৰিত হাহাকাৰ

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ দুৰ্গা পূজাৰ আনন্দ উৎসাহৰ মাজতে ওদালগুৰিত বেংক গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ। পূজাৰ বজাৰ কৰিবলৈ বুলি এটিএম লৈ টকা উলিয়াব যোৱা গ্ৰাহকসকল নিৰাশভাৱে উভতি ঘৰমুৱা হ'বলৈ বাধ্য হ'ল। কিয়নো ওদালগুৰি চহৰস্থিত বিভিন্ন বেংকৰ এটিএম সমূহত নাই টকা।

টকা নোহোৱা হেতুকে বিভিন্ন বেংকসমূহে নিজৰ এটিএমসমূহ বন্ধ কৰি ৰখা পৰিলক্ষিত হৈছে। এটা-দুটা নহয় ওদালগুৰি চহৰৰ ৯ টাকৈ এটিএমত নাই ধন। চহৰখনৰ ভাৰতীয় ষ্টেট বেংকৰ ৪টা, চেণ্ট্ৰেল বেংক, এক্সিছ বেংক, আইচিআইচিআই বেংকৰ একোটাকৈ এটিএমসহ মুঠ ৯টাকৈ এটিএম থকাৰ পাছতো কোনো এটা এটিএমতে নাই ধন।

ফলত এটাৰ পাছত আনটো এটিএম লৈ গ্ৰাহকসকল ঢাপলি মেলি নিৰাশভাৱে উভতি আহিবলৈ বাধ্য হৈছে। ২৪ ঘণ্টাই এটিএম সেৱা আগবঢ়োৱাৰ নামত বেংকসমূহে গ্ৰাহকৰ পৰা ধন লাভ কৰে যদিও উন্নত সুবিধা প্ৰদানৰ পৰা বেংকসমূহ ব্যৰ্থ হোৱা বুলি ক্ষুদ্ধ গ্ৰাহকসকলে অভিযোগ কৰে।  ইফালে ওদালগুৰি চহৰৰ অধিকাংশ বস্ত্ৰ বিপনীত চুইপ মেচিন নথকাৰ বাবে গ্ৰাহকসকলে নগদ ধন লৈ বিপনীসমূহলৈ যাবলৈ বাধ্য হয়।

আনহাতে সাধাৰণ শ্ৰেণীৰ লোকসকলৰ নাই অত্যাধুনিক কেচলেচ পদ্ধতিসমূহৰ জ্ঞান। ফলত এটিএমত দেখা দিয়া ধনৰ অভাৱে স্বাভাৱিকতে পূজাৰ বতৰত সাধাৰণ শ্ৰেণীৰ লোকৰ মাজত যে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিব সেয়া নিশ্চিত। বেংকসমূহক নিজৰ এটিএমত ধন উপলব্ধ কৰি দিয়াৰ বাবে গ্ৰাহকসকলে দাবী উত্থাপন কৰে।