অসম

ওদালগুৰিত আৰ্ট গেলাৰীৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ অসমৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ড° শোভা ব্ৰহ্মৰ স্মৃতিত দেওবাৰে ওদালগুৰি আৰ্টিষ্ট ভিলেজৰ সমীপৰ সাপ্তাহিক বুধবৰীয়া বজাৰত এটি আৰ্ট গেলাৰী ভৱনৰ আধাৰশিলা স্থাপন কৰে ওদালগুৰি জিলা আৰক্ষী অধীক্ষক লংণিট তেৰাঙে। প্ৰনয় নাৰ্জাৰীয়ে আতঁধৰা এই শুভ উদ্বোধনী অনুষ্ঠানত গেলাৰীৰ আধাৰশিলা স্থাপন কৰি আৰক্ষী অধীক্ষক তেৰাঙে কয়- আৰ্ট গেলাৰীটো সম্পূৰ্ণ হৈ উঠিলে বিশেষকৈ আৰ্টিষ্ট ভিলেজৰ ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ'ব পাৰিব। এয়া ওদালগুৰিৰ বাবে এটা ভাল খবৰ। কাৰণ ইয়াৰ জৰিয়তে চিত্ৰ শিল্পী সকলে অনুশীলনৰ সুবিধা লাভ কৰিব পাৰিব।

অসমৰ বিশিষ্ট ভাস্কৰ্য শিল্পী তথা আৰ্টিষ্ট ভিলেজৰ অধ্যক্ষ ৰবিৰাম ব্ৰহ্মই ২০১৩ চনতে বিটিচিৰ তদানীন্তন কাৰ্যবাহী সদস্য মিঠাৰাম বসুমতাৰীয়ে শিল্পী শোভা ব্ৰহ্মৰ এখন স্মৃতিচাৰণ সভাত বিটিচিৰ জৰিয়তে ড°শোভা ব্ৰহ্মৰ নামত এটি আৰ্ট গেলাৰী স্থাপনৰ বাবে ২০ লাখ টকাৰ আচঁনিৰ কথা ঘোষণা কৰিছিল। সেয়ে এই ক্ষেত্ৰত আৰ্ট গেলাৰীটো সম্পূৰ্ণ কৰি তোলাত সকলো ৰাইজ, অভিভাৱকৰ সহযোগিতা কামনা কৰে।

এই আৰ্ট গেলাৰীটোত বিশ্বৰ বিখ্যাত চিত্ৰ ভাস্কৰ্য শিল্পী সকলৰ ছবিসমূহ সংৰক্ষন কৰি ৰখাৰ লগতে চিত্ৰ ভাস্কৰ্য, শিল্প কৰ্ম সম্পৰ্কীয় আলোচনা চক্ৰ আদিৰ প্ৰশিক্ষনৰো ব্যৱস্থা কৰা হ'ব বুলি ব্ৰহ্ম ই জানিবলৈ দিয়ে।

আৰ্ট গেলাৰীৰ আধাৰশিলা স্থাপনৰ এই অনুষ্ঠানত ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ উপদেষ্টা নীলকান্ত গয়াৰী, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুষ্পধৰ শৰ্মা, ওদালগুৰি প্ৰেছ ক্লাবৰ সভাপতি গৌতম জ্যোতি তালুকদাৰ, সংবাদদাতা প্ৰদীপ কুমাৰ তালুকদাৰ, শশী কুমাৰ শৰ্মা আদিকে ধৰি বহু ৰাইজ আৰু অভিভাৱক সকল উপস্থিত আছিল।