অসম

নিৰীহ লোকক সেনাই অত্যাচাৰ চলোৱাৰ অভিযোগত উত্তপ্ত ওদালগুৰি

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ভাৰতীয় সেনাই নিৰীহ ব্যক্তিক নিশা বাসগৃহৰ পৰা উঠাই নি অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে ওদালগুৰি জিলাৰ কলাইগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ৰাণীপুখুৰীত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

স্থানীয় লোকসকলে জনোৱা মতে, যোৱা নিশা প্ৰায় ২ বজাত ভাৰতীয় সেনাৰ এটা দলে কোনো সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ৰাণীপুখুৰী গাঁৱৰ ইছলাম উদ্দিন আহমেদ নামৰ কাঠমিস্ত্ৰী এজনৰ ঘৰত প্ৰৱেশ কৰি লোকজনক লৈ যায়। পুৱতি নিশা সেনাৰ দলটোৱে পুনৰ গাওঁখনত প্ৰৱেশ কৰাত ৰাইজ ওলাই আহি সেনাৰ দলটোক আগুৰি ধৰে। ইয়াৰ পাছত ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকাত তাত উপস্থিত থকা ছাত্ৰ সংগঠনকেইটাই আৰক্ষীৰ উচ্চপদস্থ বিষয়াক ঘটনাস্থলীলৈ অাহিবলৈ দাবী জনায়। সংগঠনকেইটাই সাধাৰণ মিস্ত্ৰী হিচাপে জীৱন নিৰ্বাহ কৰা লোকজন পূৰ্বতে কোনো অবৈধ কামত জড়িত হোৱাৰ প্ৰমাণ নাই বুলি দাবী কৰি সেনাক জবাবদিহি কৰে।

পিছত ঘটনাস্থলীত কলাইগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়গৰাকীৰ লগতে সেনাৰ বিষয়াও তাত উপস্থিত হৈ নিশা বাসগৃহৰ পৰা উঠাই নিয়া লোকজনক মুকলি কৰি দিয়াত পৰিস্থিতি শান্ত হয়। 

লোকজনক সেনাই বেয়াকৈ মাৰধৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজে লোকজনক কলাইগাওঁ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত সেনাবাহিনীৰ তৰফৰ পৰা বাতৰি লিখা পৰলৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও লোকজনৰ চিকিৎসাৰ সমগ্ৰ খৰচ জিলা প্ৰশাসনে বহন কৰিব বুলি এক সূত্ৰৰ পৰা খবৰ পোৱা গৈছে।