অসম

ওদালগুৰিত পুনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ…

asomiyapratidin
  • বিগত কিছুদিনত ওদালগুৰিত ঘনাই উদ্ধাৰ হৈছে অবৈধ অস্ত্ৰ-শস্ত্ৰ।
  • এইবাৰ একেলগে দুটা স্থানত উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ।
  • জিলা খনৰ হৰিশিঙা থানাৰ অন্তৰ্গত ৪ নং আমজুলিত দেওবাৰে পুৱা ৪ বজাত বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ কৰে আৰক্ষীয়ে।
  • ভেৰগাঁও এছডিপিঅ' নিৰ্মল ঘোষ আৰু হৰিশিঙা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰেমাংকু হাজৰিকাৰ নেতৃত্বত যোৱা এটি দলে জব্দ কৰে।
  • তাত একে-৫৬ দুটা, মেগজিন তিনিটা, ৭.৬, .৬২ এমএম পিষ্টলৰ সজীৱ গুলী ৭১ টা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
  • আনফালে ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চিণ্ডিজোৰা জংঘলত ডিএছপি মইনুল ইছলাম আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়ন পটঙ্গীয়াৰ নেতৃত্বত দুটা পিষ্টল আৰু দহ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।