অসম

স্বাধীনতা দিৱসলৈ সাজু ওদালগুৰি জিলা প্ৰশাসন, পেৰেডৰ শেষ আখৰাত ব্যস্ত অংশগ্ৰহণকাৰী ২৮টাকৈ দল…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো আগন্তুক ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসনে। ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত জিলাখনৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা হব।

দিৱসটোৰ কাৰ্যসূচী অনুসৰি ৫-৩০ বজাত জনসংযোগ বিভাগৰ দ্বাৰা দেশভক্তিমূলক গীত পৰিৱেশন আৰু প্ৰভাত ফেৰী, ৭-৩০ বজাত ব্যক্তিগত আৰু চৰকাৰী বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৮ বজাত চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৮-৫০ বজাত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ৮-৫৫ বজাত মূখ্য অতিথিৰ অভিবাদন গ্ৰহণ, ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৯-০৫ বজাত মূখ্য অতিথিৰ ভাষণ।

৯-৩০ বজাত অংশগ্ৰহণকাৰী আৰক্ষী, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ পেৰেড প্ৰদৰ্শন, ৯-৪০ বজাত সাংস্কৃতিক অনুষ্ঠান, ৯-৪৫ বজাত বটাঁ বিতৰণ, ১০-৩০ বজাত ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ৰোগী আৰু জিলা কাৰাগাৰৰ কয়দীসকলৰ মাজত ফল-মূল বিতৰণ, ৩-৩০ বজাত জিলা উপায়ুক্ত একাদশ আৰু নাগৰিক একাদশৰ মাজত প্ৰীতি ফুটবল খেল, ৫-৪৫ বজাত সন্মান সহকাৰে ৰাষ্ট্ৰীয় পতাকা অৱনমণ আৰু সন্ধিয়া ৬-৩০ বজাত বন্তি প্ৰজ্বলন আৰু আলোকসজ্জা।

ইফালে স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে অব্যাহত আছে আখৰা। ওদালগুৰিৰ প্ৰায় ২৭ টাকৈ আৰক্ষীসহ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ স্কাউট-গাইডৰ লগতে শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিব এই পেৰেডত। বিগত ৮ আগষ্টৰ পৰা চলি থকা এই পেৰেডৰ আখৰা ১৩ আগষ্টত সামৰণি প্ৰিব বুলি পেৰেডগ্ৰাউণ্ডৰ দ্বায়িত্বত থকা বিষয়াসকলে জানিবলৈ দিয়ে। জিলাখনৰ নিৰাপত্তাৰ দিশটো কটকটীয়াকৈ নিৰীক্ষণ কৰি আগন্তুক স্বাধীনতা দিৱসৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন।