অসম

অসম-অৰুনাচল সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ১৫ আগষ্টৰ দিনটোতেই ওদালগুৰি জিলাৰ সীমান্তৰ অৰুনাচলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ পৰা কেইবাশ ফুট তলত বাগৰি পৰে এখন টাটা ছাফাৰী।

ঘটনাৰ বিৱৰণী মতে ওদালগুৰিৰ ৰৌতাৰ পৰা বুধবাৰে AS01-AY-4478 নম্বৰৰ টাটা ছাফাৰী বাহনখনত ৭গৰাকী ব্যক্তিয়ে অৰুনাচললৈ গৈছিল। ইয়াৰ পাছত বাহনখন গৈ অৰুনাচলৰ সোতৰশ নামৰ অঞ্চলত উপস্থিত হ‌য়।

সেই স্থানতেই গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই কেইবাশ ফুট তললৈ বাগৰি পৰে। ফলত বাহনখনত থকা ৩গৰাকী লোক ঘটনাস্থলীতে নিহত হয়। ইয়াৰ পাছত নিশা আটাইকেইজন লোকক ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাত নিহত লোককেইজন ক্ৰমে- সৌদেৱ দৈমাৰী, কমল দৈমাৰী আৰু ৰাজু গগৈ বুলি জানিব পৰা গৈছে। আনহাতে, আহত আন ৪গৰাকীৰ অৱস্থা সংকটজনক। আহত কেইজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাই ৰৌতা অঞ্চলত শোঁকৰ ছা পেলোৱাৰ লগতে সমগ্ৰ ওদালগুৰিতে চাঞ্চল্যৰ সৃষ্টি কৰে।