অসম

ওদালগুৰিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ বিক্ষোভ কাৰ্যসূচী…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰি: নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাসহ কেইবাটাও ছাত্ৰ সংগঠনৰ লগত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মিলিত হৈছিল এক আলোচনাত। এই আলোচনা শেষ হোৱাৰ অন্তত আছুৱে আলোচনাক বিফল বুলি জনাই এই বিধেয়কখনক জাতিধ্বংসী আখ্যাৰে কেতিয়াও মানি নোলোৱাৰ লগতে ঘোষণা কৰিছিল আন্দোলন।

ইয়াৰ পাছত বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গ'ল বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন। ওদালগুৰিৰ বিভিন্ন প্ৰান্ততো বুধবাৰে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা পৰিলক্ষিত হয়। ওদালগুৰি চহৰৰ মাজমজিয়াত ওদালগুৰি আছুৱে শ্বহীদ ভৱনৰ সন্মুখত বিধেয়কখনৰ বিৰুদ্ধে ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী।

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ হুচিয়াৰ, নৰেন্দ্ৰ মোডী-অমিত শ্বাহ হুচিয়াৰ, সৰ্বানন্দ-হিমন্ত লেই লেই চেই চেই, অসমত ধৰ্মৰ নামত ৰাজনীতি নচলিব, অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয়, বিজেপি চৰকাৰ নিপাত যাওঁক শ্লোগানেৰে বিক্ষোভস্থলী উত্তাল কৰি তোলে।

প্ৰতিবাদত অংশগ্ৰহণ কৰি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাসে কয়- এই বিধেয়কখন কোনো পধ্যেই গৃহীত হ'ব নোৱাৰে। যদি অসমৰ ৰাইজক বিৰুদ্ধাচৰণ কৰি বিধেয়কখন গৃহীত কৰিব খোজে তেন্তে সেইসকল লোক চিৰদিনৰ বাবে ইতিহাসত জাতিৰ শত্ৰু হিচাপে চিনাক্ত হৈ ৰ'ব। এই খিলঞ্জীয়া বিৰোধী চৰকাৰখনক ৰাইজে অনাগত দিনত উচিত শিক্ষা দিব বুলি ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিপুল ৰঞ্জন লহকৰে হুংকাৰ প্ৰদান কৰে। বুধবাৰৰ এই প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীত ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে ভিজিৎ এছ কাশ্যপ, ৰাজদ্বীপ দাসৰ লগতে বহু আছুকৰ্মী উপস্থিত থাকে।