অসম

ওদালগুৰিত আকৌ ৯৭ গৰাকী কোভিড পজিটিভ চিনাক্ত…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যজুৰি কোভিড-১৯ ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে সোমবাৰে ওদালগুৰি জিলাৰ ৯৭ গৰাকী কোভিড আক্ৰান্ত ৰোগী চিনাক্ত হয়। ইয়াকে লৈ জিলাখনত কোভিড সক্ৰিয় ৰোগীৰ সংখ্যা ৩৮৫ জনলৈ বৃদ্ধি পায়।

জিলা স্বাস্থ্য বিভাগে সাংবাদিকক জানিবলৈ দিয়া তথ্য অনুসৰি সোমবাৰৰ দিনটোত জিলাখনত ৭৬১ গৰাকী লোকক পৰীক্ষা কৰা হৈছে‌। উক্ত পৰীক্ষাৰ ভিতৰত ৯৭ গৰাকী কোভিড ৰোগী চিনাক্ত হয়। বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি জিলাখনৰ ৯৬ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৮৯ গৰাকী ৰোগী হোম আইছ'লেচনত আছে।

সোমবাৰৰ দিনটোত জিলাখনত ৪৫ গৰাকী কভিড ৰোগী সুস্থ হৈ উঠিছে।উল্লেখযোগ্য যে, জিলা খনত দ্বিতীয় ঢৌত আজিলৈ সৰ্বমুঠ ৯০৫ গৰাকী লোক কোভিড ১৯ ত আক্ৰান্ত হয়।