অসম

দিল্লীত ফেব্ৰুৱাৰীত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদঃ ৩ মাহৰ অন্তত শনিবাৰে গ্ৰেপ্তাৰ হ’ল জেএনইউত অধ্যয়নৰত অসমীয়া ছাত্ৰী…

asomiyapratidin

ডিজিটেল ডেস্কঃ ফেব্ৰুৱাৰীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ২ ছাত্ৰীক শনিবাৰে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জাফ্ৰাবাদত তেওঁলোকে ফেব্ৰুৱাৰী মাহত প্ৰতিবাদ কৰাৰ বাবে ৩ মাহৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত আছে এগৰাকী অসমীয়া ছাত্ৰীও। ছাত্ৰীগৰাকীৰ নাম দেৱাংগনা কলিতা। ইফালে তেওঁৰ লগতে গ্ৰেপ্তাৰ কৰা আনগৰাকী ছাত্ৰীৰ নাম নাটাছা নাৰৱাল।

বিজেপি নেতা কপিল মিশ্ৰই ২৩ ফেব্ৰুৱাৰীত কা বিৰোধী আন্দোলনৰ প্ৰতিবাদ কৰি সমদল উলিয়াইছিল। সেই সমদলৰ এদিন পাছতে কাৰ বিৰুদ্ধে তীব্ৰতৰ হয় প্ৰতিবাদ। উত্তৰ পূব দিল্লীৰ এই প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়ত এনে এক নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ সৃষ্টি হয় যাৰ পৰিণতিত আৰক্ষীসহ ৫০ জন লোকৰ প্ৰাণ হানি হোৱাৰ উপৰি বহুলোক আহত হৈছিল।

এই ঘটনাৰ বাবে যোৱা সময়ত কেবাটাও গোচৰ ৰুজু হোৱাৰ উপৰি কেবা পৰ্যায়ত তদন্তও চলি আছিল। তাৰ আঁত ধৰি দিল্লী আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছে ২ ছাত্ৰীক। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৬ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু হৈছে।