অসম

গহপুৰত দুই দুৰ্ধষ গড় চিকাৰী গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ : অপৰাধ আৰু অপৰাধী দমনৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহা বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙৰ তত্বাৱধানত চলোৱা এক অভিযানত যোৱা নিশা গহপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছে দুজন দুৰ্ধষ চোৰাং চিকাৰী। ধৃত চোৰাং চিকাৰী দুজনৰ নাম হৈছে পঙ্কজ পেগু(২৭) ওৰফে ৰাহুল আৰু অৰবিন্দ পেগু(৪৫)। ইয়াৰে পংকজ পেগুৰ ঘৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া লফাইচুকত আৰু অৰবিন্দ পেগুৰ ঘৰ অসম-অৰুণাচল সীমান্তবৰ্তী এক নং বালিজানত।

বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙৰ তত্বাৱধানত অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) অমিত কুমাৰ হোজাইৰ নেতৃত্বত যোৱা নিশা চলোৱা এক অভিযানত নিজ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ হৈছে পংকজ পেগু আৰু অৰবিন্দ পেগু। জানিব পৰা মতে, কাজিৰঙাৰ পৰা ওলাই অহা এক প্ৰাপ্তবয়স্ক গড় যোৱা কেইবাদিনো ধৰি পংকজ পেগুৰ ঘৰৰ আশে-পাশে চৰি আছিল। জলাঞ্চলত সোমাই থকা চৰণীয়া গড়টোক হত্যা কৰি খৰ্গটো কাটি নিবলৈ পৰিকল্পনা কৰিছিল পংকজ পেগুৱে। ইয়াৰ বাবে তেওঁ সহযোগ বিচাৰিছিল অৰবিন্দ পেগুৰ। পংকজৰ কথা মতে গড়টোক হত্যা কৰিবলৈ অৰবিন্দই মৰণাস্ত্ৰ যোগাৰ কৰিবলৈ তৎপৰতা অৱলম্বন কৰিছিল।

পংকজ আৰু অৰবিন্দৰ এই পৰিকল্পনাৰ বিষয়ে এক গোপন সূত্ৰে তথ্য লাভ কৰে আৰক্ষী অধীক্ষক নবীন সিঙে। ফলত উক্ত তথ্যৰ আধাৰত যোৱা নিশা চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় পংকজ পেগু আৰু অৰবিন্দ পেগু। ধৃত দুই গড় চিকাৰীৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে গহপুৰ আৰক্ষীয়ে। আৰক্ষীৰ এই তৎপৰতাৰ বাবে গড়টো চোৰাং চিকাৰীৰ হাঁতোৰাৰ পৰা ৰক্ষা পৰিল।