অসম

শুই থকা ২ যুৱকক মাজনিশা বিছনাৰ পৰা অপহৰণ, জাগুনত চাঞ্চল্য

asomiyapratidin

ডিজিটেল সংবাদ, জাগুনঃ তিনিচুকীয়া জিলাৰ জাগুনত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড। অঞ্চলটোৰ ২নং ফানেঙৰ পৰা দুজন যুৱকক অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰে।

শনিবাৰে দোভাগ নিশা বিছনাত শুই থকা অৱস্থাতে দুই যুৱকক অপহৰণ কৰে দুৰ্বৃত্তই। ৭ জনীয়া সশস্ত্ৰ এটা দলে যুৱক দুজনক অপহৰণ কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

বিছনাত শুই থকা অৱস্থাতে অপহৃত হোৱা যুৱক দুজন হৈছে পবিত্ৰ গগৈ উৰফে টিকিৰা আৰু চন্দ্ৰ বুৰাগোঁহাই উৰফে ফুপসিং। এই অপহৰণকাণ্ডত আলফা(স্বা)ৰ সদস্য জড়িত থকা বুলি সন্দেহ কৰিছে একাংশ লোকে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও অঞ্চলটোত এনেদৰে অপহৰণ কাণ্ডত সংঘটিত কৰিছিল অচিনাক্ত দুৰ্বৃত্তই। আৰক্ষী-প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ পুনৰ বিছনাত শুই থকা অৱস্থাতে যুৱকক অপহৃত কৰা এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।