অসম

গোৱালপাৰাত শোকৰ ছাঁ : ঈদৰ বজাৰ কৰিবলৈ আহি দুই বন্ধুৰ শোকাৱহ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ গোৱালপাৰা: পবিত্ৰ ঈদৰ প্ৰাকক্ষনত ৰবিবাৰে গোৱালপাৰা চহৰলৈ ঈদৰ কাপোৰ কিনিবলৈ আহি দুই বন্ধুৱে দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱা ঘটনাত গোৱালপাৰা চহৰত শোকৰ ছাঁ পৰিছে। বিয়লি চহৰৰ উপকণ্ঠ ডেকধোৱাত সংগঠিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

জানিব পৰা মতে এখন বাইকেৰে বৰপেটা জিলাৰ উজিৰৰ চৰৰ পৰা নাৱৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গোৱালপাৰা চহৰলৈ ঈদৰ বজাৰ কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল দুই বন্ধু। বাইকেৰে আহি থাকোতে ডেকধোৱাত তীব্ৰবেগী বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰী এজনক খুন্দিওৱাৰ পিচত ৰাস্তাৰ কাষতে থকা এজোপা গছত খুন্দিয়াই দিয়ে।

ফলত থিতাতে নিহত হয় দুই বাইক আৰোহী বন্ধুৱে। গুৰুতৰ ভাবে আহত হয় পথচাৰী মিজানুৰ ৰহমান নামৰ যুৱকজন। নিহত বাইক আৰোহী বন্ধু দুজন ক্ৰমে শ্বাহীদুল ইছলাম আৰু ৰহিম বাদশ্বাহ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাত পতিত বাইকখনৰ পঞ্জীয়ন নম্বৰ এ এছ ১৮ এফ ৪০৫৮। দুয়োৰে ঘৰ বৰপেটা জিলাৰ উজিৰৰ চৰত।

ঘটনাস্থলীত ডুবাপাৰা আৰক্ষী উপস্থিত হয়। আহত মিজানুৰ ৰহমানৰ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসা চলি থকাৰ লগতে নিহত দুই বন্ধুৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰাখিছে আৰক্ষীয়ে।