চৰাইদেউত ড্ৰাগছ উদ্ধাৰঃ দুই সৰবৰাহকাৰী আটক...
চৰাইদেউত ড্ৰাগছ উদ্ধাৰঃ দুই সৰবৰাহকাৰী আটক... 
অসম

চৰাইদেউত ড্ৰাগছ উদ্ধাৰঃ দুই সৰবৰাহকাৰী আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ নিমনাগড়ত আজি বিয়লি ভাগত আৰক্ষীৰ এক তালাচীত ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক হয়। দুই সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ ওজন ৬৫ গ্ৰাম বুলি জানিব পৰা গৈছে।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে নিমনাগড় শ্ৰীপুৰৰ সঞ্জীৱ সেন(৩৪) আৰু মথুৰাপুৰৰ বলোৰাম চেতিয়া(২৪)ক আটক কৰি এই সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে।