অসম

তিতাবৰৰ কনচেপ্ট প্ৰতিষ্ঠানৰ দুদিনীয়া শৈক্ষিক কৰ্মশালা সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,বেকাজানঃ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত তিতাবৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ গাইডেন্স কাউন্সিলিং বিভাগৰ সৌজন্যত দুদিনীয়া কায্যসূচীৰে অনুষ্ঠিত শৈক্ষিক কৰ্মশালাৰ মঙলবাৰে অন্ত পৰে। কনচেপ্ট প্ৰাঙ্গনত প্ৰথমদিনাৰ কৰ্মশালা উদ্বোধন কৰে সঞ্চালক জিতু কুমাৰ বৰাই।

আদৰণি ভাষণ প্ৰদান কৰে জ্যেষ্ঠ অধ্যক্ষ দিব্য কমল মজিন্দাৰে। শৈক্ষিক সমন্বয়ক জীৱন চন্দ্ৰ বৰাই আঁত ধৰা প্ৰথম সত্ৰ সঞ্চালনা কৰে প্ৰধান শিক্ষয়িত্ৰী অনুৰূপা ভৰদ্বাজে।

'স্কিলচ অফ মাইক্ৰ টিচিং' শীৰ্ষক বিষয়ত মাৰ্গদৰ্শন কৰে শৈক্ষিক প্ৰশাসক তথা পৰামৰ্শদাতা বিপিন চন্দ্ৰ শইকীয়াই। দ্বিতীয় সত্ৰ সঞ্চালনা কৰে পি টি এ সচিব সংগীতা হাজৰিকাই।

শৈক্ষিক সমন্বয়ক আৰাধানা দাস হাজৰিকাই আঁত ধৰা সত্ৰত 'ডিস্ক'ভাৰিং ওৱানচ অবিলিটি এজ এ টীছাৰ' শীৰ্ষক বিষয়ত অৰ্থনীতি বিজ্ঞান বিভাগৰ ফেকাল্টি মানসী মহন্তই মাৰ্গদৰ্শন কৰে। শিক্ষক তত্বাৱধায়ক পোলেন গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়।

আজি দ্বিতীয় দিনৰ কৰ্মশালা উদ্বোধন কৰে সঞ্চালক প্ৰণৱ কুমাৰ ভূঞাই। শৈক্ষিক প্ৰশাসক ইন্দ্ৰনীল ভূঞাই আদৰণি ভাষণ প্ৰদান কৰে। তৃতীয় সত্ৰ সঞ্চালনা কৰে দৰ্শন শাস্ত্ৰ বিষয়ৰ ফেকাল্টি জুলী কলিতাই।

শৈক্ষিক সমন্বয়ক অপৰাজিতা গগৈ কছাৰীয়ে আঁত ধৰা তৃতীয় সত্ৰত গাইডেন্স কাউঞ্চিলৰ নৱাব মুস্তাফা আহমেদে দৃশ্য শ্ৰাব্য মাধ্যমেৰে 'নতুন ৰাষ্ট্রীয় শিক্ষা নীতি -২০২০ৰ দৃষ্টিৰে গুণাত্মক বিকাশ' শীৰ্ষক বিষয়ত মাৰ্গদৰ্শন কৰে।

কোচিং ইনচার্জ আব্দুল হামিদ, শিক্ষক তত্বাৱধায়ক দীপাংকৰ বৰা, শৈক্ষিক সমন্বয়ক চিৰঞ্জীৱ বৰাই কৰ্মশালাত অংশগ্ৰহণ কৰি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। সহ কোচিং ইনচার্জ প্ৰমোদ গগৈয়ে অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায়।

কৰ্মশালাৰ দুয়োদিনৰ কাৰ্যসূচীত কনচেপ্ট শৈক্ষিক শিক্ষাপ্ৰতিষ্ঠানৰ দুই শতাধিক শিক্ষকে অংশগ্ৰহণ কৰে।