ডিজিটেল সংবাদ,শিলচৰঃ কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ মণিপুৰৰ পৰা অহা এখন ট্ৰাকৰ পৰা জব্দ হল প্ৰায় দুই কোটি টকাৰ নিচাৰ টেবলেট ৷কাছাৰ জিলাৰ অসম মণিপুৰ সীমান্তৰ জিৰিঘাটত জব্দ হল বৃহৎ পৰিমাণৰ ইয়াবা নামৰ নিচা জাতীয় টেবলেট৷
গোপন সূত্ৰৰ ভিত্তিত এনএল ০১ এএ ৬৮১৬ নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই জিৰিঘাট আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় একলাখ ইয়াবা টেবলেট৷ লগতে আৰক্ষীয়ে আটক কৰিলে ট্ৰাকখনৰ চালক লিয়ান এপে আৰু হেনডিমেন মাং এপে নামৰ দুই যুৱকক৷
ধৃত দুই যুবকৰ ঘৰ মণিপুৰ ৰাজ্যৰ চুৰাচান্দপুৰত৷ টেবলেট লৈ ট্ৰাকখন মণিপুৰৰ পৰা আহি আছিলে৷ জব্দ হোৱা টেবলেট খিনিৰ বজাৰ মূল্য দুই কোটি টকা হ'ব বুলি জানিব পৰা গৈছে৷