অসম

চৰকাৰৰ প্ৰতি মোহভংগ হৈ আলফালৈ যাব খুজিছিল দুই যুৱকে, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ চৰকাৰৰ কৰ্ম-কাণ্ডৰ প্ৰতি মোহভংগ ঘটি আলফা (স্বাধীন)ত যোগদান কৰিবলৈ ৰাওনা হোৱা দুই চফল যুৱকক গোলাঘাট আৰক্ষীয়ে সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে৷ গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নিশা গোপন সূত্ৰৰ খবৰ পম খেদি ডিমাপুৰৰ পৰা নাগলেণ্ডৰ মন জিলা অভিমুখী এখন বাছৰ পৰা দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা যুৱক দুজন গহপুৰৰ ৰাতুল সন্দিকৈৰ পুত্ৰ নৱ সন্দিকৈ (১৯) আৰু অনিল বনিয়াৰ পুত্ৰ ৰুবুল বনিয়া(১৮) বুলি জানিব পৰা গৈছে৷ বিজেপি চৰকাৰৰ কাম কাজত অসন্তুষ্ট হৈ আৰু নিবনুৱাৰ বোজা সহিব নোৱাৰিয়ে আলফাত যোগদান দিয়াৰ বাবে মনস্থিৰ কৰিছিল বুলি যুৱক দুজনে মন্তব্য কৰে৷

পাছত বিশ্বনাথ আৰক্ষীয়ে যুৱকদ্বয়ক চমজি লৈ যায়। উল্লেখযোগ্য যে, গোলাঘাটৰ আৰক্ষীয়ে যোৱা সপ্তাহতো আলফা (স্বাধীন)ত যোগদান কৰিবলৈ যোৱা দেৰগাঁৱৰ বিতোপন খাটনিয়াৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল।