অসম

কৃষ্ণাইত ধনদাবীৰ টকা নিবলৈ আহি আটক দুজন

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত এগৰাকী ব্যৱসায়ীক ধনদাবী কৰি টকা নিবলৈ আহি ৰাইজৰ ৰোষত পৰিল দুজন যুৱক৷ ধনদাবীৰ টকা নিবলৈ অহা যুৱক দুজনক প্ৰথমে পিঠিত সোধালে ৰামপিটন তাৰ পিছত আৰক্ষীক গটাই দিলে ৰাইজে৷ যুৱক দুজন ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত কাচাদলৰ অসম-মেঘালয় সীমান্তৰ চালজাগ্ৰীং চাংমা (২১) আৰু চেংবা চাংমা (১৯)৷

জানিব পৰা মতে, কৃষ্ণাইৰ আবু বক্কৰ ছিদ্দিক নামৰ ব্যৱসায়ীজনক ফোন যোগে কোনো লোকে ২ লাখ টকা বিভিন্ন ভয়-ভাবুকিৰে ধনদাবী কৰিছিল৷ পিছত দাবী কৰা ধন কৃষ্ণাইৰ নাঙল বাছ আস্থানত নিবলৈ এই দুই গৰাকী যুৱক আহিছিল৷ যুৱক দুজনক ৰাইজে আটক কৰি ৰামপিটন দি আৰক্ষীক গটাই দিয়ে৷

অৱশ্যে ফোনযোগে ব্যৱসায়ীজনক ধনদাবী কৰা প্ৰকৃত লোকজন টকা নিবলৈ অহা নাছিল৷ যুৱক দুজনক আটক কৰাৰ পাছতে মোবাইল বন্ধ কৰি ৰাখে ধনদাবী কৰা প্ৰকৃত অভিযুক্তজনে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি প্ৰকৃত অভিযুক্তৰ সন্ধান আৰম্ভ কৰিছে।