অসম

আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ হত্যাত জড়িত দুজনক আটক

asomiyapratidin

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ হত্যাৰ সৈতে জড়িত দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। আৰক্ষীয়ে অভিযান চলাই আটক কৰে দীপাংকৰ বৰা আৰু মামন দিহিঙীয়া নামৰ দুজনকৈ লোকক।

প্ৰাপ্ত খবৰ অনুসৰি, ধৃত দুয়োজনে আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ জান অসমৰ ঘনিষ্ঠ। দুয়োজনৰ পৰা দুটা মোবাইল ফোন জব্দ কৰিবলৈও সক্ষম হৈছে আৰক্ষী। অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উক্ত অভিযানৰ নেতৃত্বত আছিল অতিৰিক্ত আৰক্ষী অধীক্ষক প্রকাশ সোণোৱাল, উপ আৰক্ষী অধীক্ষক ভাৰ্গৱ গোস্বামী আৰু চক্ৰ আৰক্ষী বিষয়া প্ৰতিম গগৈ।

উল্লেখ্য যে যোৱা ৪ মে'ত বৰডুমছাত আলফা স্বাধীনৰ গুলীত প্ৰাণ হেৰুৱাইছিল আৰক্ষী বিষয়া ভাস্কৰ কলিতাই। আলফা স্বাধীনৰ সৈতে যুজঁ দিবলৈ গৈ নিজ প্ৰাণ হেৰুৱাইছিল বিষয়াজনে।