অসম

গুমীৰ নৃশংস হত্যাকাণ্ডৰ দুই অভিযুক্তক কৰায়ত্ত, পলাতক ঘটনাৰ মূল অভিযুক্ত

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও থানাৰ অন্তৰ্গত গুমীৰ আমবাৰীত সংঘটিত নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত দুই অভিযুক্তক শুকুৰবাৰে নিশা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷ জানিব পৰামতে ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত শুকুৰবাৰৰ নিশা চলোৱা এক গোপন অভিযানকালত ছয়গাঁৱৰ হাতীপাৰা অঞ্চলৰ পৰা নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত জালাল আলী আৰু মতিউৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়।

উল্লেখ্য যে দুৰ্ধৰ্ষ ডকাইত আনছেৰ আলী ওৰফে বগাৰ ব্যক্তিগত শত্ৰুতাৰ বাবেই সংঘটিত কৰিছিল গুমীৰ আমবাৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডটো। ইপিনে হত্যাকাণ্ডৰ মূল অভিযুক্ত আনছেৰ আলী ওৰফে বগা এতিয়াও পলাতক অৱস্থাত আছে৷

স্মাৰ্তব্য যে যোৱা ২৮ জানুৱাৰীৰ নিশা গুমীৰ আমবাৰীত শুই থকা অৱস্থাত দুৰ্বৃত্তৰ দলটোৱে হানি–খুঁচি হত্যা কৰিছিল আছিৰুদ্দিন আহমেদ আৰু পত্নী ইয়াতন খাতুনক। ঘটনাৰ সবিশেষ আৰক্ষীক জনাই দিম বুলি কোৱাত কণমানি পুত্ৰকো নিৰ্মমভাবে হত্যা কৰি ওচৰতে থকা কলহী নৈত পেলাই দিয়া বুলি প্ৰকাশ কৰিছিল আছুৰুদ্দিনৰ কন্যাটিয়ে। কণমানি শিশুটিৰ সন্ধান আৰক্ষীয়ে এতিয়ালৈকে উলিয়াব পৰা নাই বুলি জানিব পৰা গৈছে৷