অসম

ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহক তুলসী ওজা আৰু নাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমীয়া লোক কৃষ্টিৰ সাধক ঢোলৰ ওজা তথা প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক তুলসী ওজা আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা তুলসী ওজাই শেষ নিশ্বাস ত্যাগ কৰিছে। ডিব্ৰুগড় সন্তান তুলসী ওজাই অসমৰ ঢুলীয়া সংস্কৃতিৰ ধ্বজাবহন কৰিছিল। অসমৰ ঢুলীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত এইগৰাকী প্ৰবীণ শিল্পীৰ আছিল বিশেষ অৱদান।

তুলসী ওজাৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। তেওঁ কৈছে- "অসমৰ ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহী ব্যক্তিসত্তা তুলসী ওজাদেৱৰ পৰলোক গমনৰ খবৰটো পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ৷ ঢুলীয়া সংস্কৃতিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াত তেখেতৰ অৱদান আমি চিৰদিন মনত ৰাখিম৷ এই বিয়োগ আমাৰ ৰাজ্যৰ বাবে এক বুজাব নোৱৰা অপূৰণীয় ক্ষতি৷ এই কৰুণ মুহূৰ্তত ডিব্ৰুগড়ৰ সন্তান ঢোলৰ ওজাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ৷ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷'

উল্লেখ্য যে ডিব্ৰুগড় টিংখাঙৰ ভালুকমৰা গাঁৱৰ তুলসী ওজাই ১২ বছৰ বয়সৰ পৰাই ঢোল বজাবলৈ আৰম্ভ কৰিছিল। তেওঁ কান্ধত ঢোলটো লৈ অসমৰ ঢুলীয়া সংস্কৃতিক ৰাজ্যৰ পৰা দেশলৈ, দেশৰ পৰা বিদেশলৈ প্ৰসাৰিত কৰিছিল। তেওঁ কেৰেলা, হায়দৰাবাদ, নাগপুৰ, কলকতাকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত ঢুলীয়া সংস্কৃতি প্ৰদৰ্শন কৰি ৰাজ্যবাসীক গৌৰান্বিত কৰিছিল। ঢুলীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবেই তেওঁক প্ৰতিমা পাণ্ডে বঁটাৰেও সন্মানিত কৰা হৈছিল।