অসম

ডিফু-ডংকামোকাম-ছয়মাইল-বেলতলা-বাংগালুৰুত তুলিৰাম ৰংহাঙে গঢ়িছে অবৈধ সম্পত্তিৰ পাহাৰ, নিমাত মুখ্যমন্ত্ৰী

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ যি সময়ত কাৰ্বি পাহাৰৰ সাধাৰণ জনতাই এসাজ ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সেই সময়তে পূব আৰু পশ্চিম কাৰ্বি আংলং জিলা দুখনৰ একাংশ নেতা-পালিনেতাই দিছপুৰীয়াৰ ছত্ৰছায়াত বিশাল সম্পত্তিৰ পাহাৰ গঢ়িছে। কাৰ্বি ভূমিৰ বনাঞ্চলস শিল, গ্ৰেণাইট আদিকে ধৰি মূল্যবান সামগ্ৰী বহিৰাগত বণিয়াৰ হাতত বিক্ৰী কৰি একাংশ স্বাৰ্থলোভী লোকে দেশে-বিদেশে গঢ়ি তুলিছে সম্পত্তি। তেনে নেতা সকলৰ ভিতৰতে অন্যতম হৈছে কাৰ্বি স্বায়ত্ব পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং।

এসময়ৰ কংগ্ৰেছ চৰকাৰৰ আমোলা তুলিৰাম ৰংহাঙে কেৱল তৰুণ গগৈৰ চৰকাৰৰ দিনতে সম্পত্তি গঢ়াত ক্ষান্ত নাথাকিল। ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন হোৱাৰ পিছতে ৰাতিৰ ভিতৰতে গেৰুৱা বসন পিন্ধা এইগৰাকী স্বাৰ্থলোভী দুৰ্নীতিপৰায়ণ নেতাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতিকো অংগুষ্ঠ প্ৰদৰ্শন কৰা দেখা গ'ল। পূৰ্বে কেৱল ডিফু-ডংকামোকামতে সম্পত্তিৰ পাহাৰ গঢ়িছিল যদিও বিজেপি চৰকাৰৰ দিনত এতিয়া তেওঁৰ সম্পত্তিৰ পৰিসৰ ৰুক্মিনীগাওঁ, বাংগালুৰুলৈকে বৃদ্ধি পোৱা দেখা গৈছে।

ডিফুত তেওঁৰ ৰাজপ্ৰসাদ সদৃশ অট্টালিকাৰ সমীপতে গঢ়ি তুলিছে হাজাৰ হাজাৰ বিঘাৰ উদ্যন। স্বায়ত্ব শাসিত পৰিষদৰ ধন কুক্ষীগত কৰি নিৰ্মাণ কৰা এনে উদ্যানৰ চৌপাশৰ পকী ৱাল নিৰ্মানতে তুলিৰাম ৰংহাঙে ব্যয় কৰিছে কোটি কোটি টকা। তদুপৰি ভাতৃৰ নামত থকা মহল আৰু শিল কুঁৱেৰীৰ পৰা তেওঁৰ বাসভৱনলৈ লগোৱা আছে চিচি কেমেৰা। সাংবাদিকে যাতে তেওঁৰ এই বাসভৱন আৰু সম্পত্তিৰ ফটো তুলি দুৰ্নীতিৰ স্বৰূপ উদঙাব নোৱাৰে, তাৰ বাবেই লগোৱা হৈছে এই চিচি কেমেৰাসমূহ।

উল্লেখ্য যে, পশ্চিম কাৰ্বি আংলঙৰ পাহাৰ সমূহত বহু পৰিমাণে গ্ৰেনাইট, চূণশিল, কোৱাৰ্টাইজ, ডলেমাইট, ছিলিমনাইট, কয়লা আদি মূল্যবান খনিজ সম্পদ পোৱা যায়। তাৰ উপৰিও বিভিন্ন প্ৰজাতিৰ বিলুুপ্তপ্ৰায় বনষৌধি উদ্ভিদ আৰু অৰ্কিডৰ বাবেও বিখ্যাত এই পৰ্বতসমূহ। যাৰ বাবে এই পৰ্বতসমূহৰ ওপৰত নজৰ নিবদ্ধ হৈছে তুলিৰাম ৰংহাঙৰ দৰে একাংশ নেতাৰ। দিছপুৰীয়া বিষয়া-আমোলাৰ সহযোগত পাৰ্বত্য জিলাৰ আপুৰুগীয়া সম্পদসমূহ বহিৰাগত বণিয়াক সঁপি দি মুখ্যমন্ত্ৰী অথবা ভূতত্ব আৰু পৰাতত্ব বিভাগৰ জ্ঞাতসাৰেই এইসকল নেতা-পালিনেতাই সৰকাই আহিছে কোটি কোটি টকা।

এনে ধনেৰেই তুলিৰাম ৰংহাঙে গুৱাহাটীৰ বেলতলাৰ জয়ানগৰতো শেহতীয়াকৈ ক্ৰয় কৰিছে ৬.৫ কঠা ভূমি। আত্মীয়ৰ নামত ক্ৰয় কৰা এই ভূমিত ইতিমধ্যে প্ৰতিষ্ঠান নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তোলা হৈছে। এনেদৰেই ব্যক্তিগত সম্পত্তি ক্ৰয় কৰাৰ নামতেই ব্যয় কৰা হৈছে কাৰ্বিপাহাৰৰ সম্পদৰৰ কোটি কোটি টকা। ইফালে তুলিৰাম ৰংহাঙৰ এই কামসমূহৰ মধ্যস্থতাকাৰী হিচাৰে চোৱাচিতাৰ দায়িত্ব প্ৰদান কৰা হৈছে জনৈক মহন্ত উপাধিক পশু চিকিৎসক এজনক। ছয়মাইলতো কাৰ্বিসকলৰ হেমটুনৰ কাষতে নিৰ্মাণ কৰা হৈছে এইগৰাকী স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ প্ৰসাদ।

ডিফুৰ গীতাশ্ৰমতো ৭০ বিঘা মাটিৰ এক বিশাল চৌহদ নিৰ্মাণ কৰি তুলিছে স্বায়ত্ব পৰিষদৰ ধনেৰে। দিছপুৰীয়া মন্ত্ৰী-আমোলাৰ ছত্ৰছায়াত এনেদৰে দুৰ্নীতিৰে অগাধ সম্পত্তি গঢ়ি তোলা তুলিৰাম ৰংহাঙৰ এনে দুৰ্নীতি আৰু স্বেচ্ছাছাৰিতাৰ বিষয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিশ্চয় নজনাকৈ থকা নাই। কিন্তু তাৰ পিছতে মুখ্যমন্ত্ৰীৰ নীৰব স্থিতিক লৈ এতিয়া সৰ্বাসাধাৰণৰ মনত প্ৰশ্নৰ উদয় হৈছে। নে মুখ্যমন্ত্ৰীতকৈও কোনো প্ৰভাৱশালী নেতাই তুলিৰাম ৰংহাঙৰ দৰে জনপ্ৰতিনিধিক এনেদৰে অবাধে জনতাৰ উন্নয়ৰ ধন আত্মসাৎ কৰাৰ সুবিধা কৰি দিছে, তাক লৈও সন্দেহ ব্যক্ত কৰিছে সচেতন নাগৰিক সকলে।