অসম

অৰাজকতা-হিংসাত্মক ঘটনাৰ মাজত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ৭৫ শতাংশ ভোটদান

asomiyapratidin

ডিজিটেল ডেস্কঃ অৰাজকতা, হিংসাত্মক ঘটনা তথা ব্যাপক বিসংগতিৰ মাজেৰে বুধবাৰে অনুষ্ঠিত হৈ গ'ল পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ১৬খন ৰাজ্যত অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদানৰ হাৰ হৈছে ৭৫ শতাংশ । ১৬খন জিলা ক্ৰমে- তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, নগাঁও, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, মৰিগাঁও, কামৰূপ আৰু কামৰূপ (মেট্ৰ')। জিলা কেইখনত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগ্ৰহণত ব্যাপক খেলিমেলিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হয়। একাংশ ঠাইত নিৰ্বাচনী হিংসাই ভয়াৱহ ৰূপ ধাৰণ কৰে।

ভোটগ্ৰহণৰ মাজতে গোলাঘাটত আৰক্ষীৰ গুলীত নিহত হয় এজন লোক। আৰক্ষীৰ গুলীত নিহত হোৱা জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ লোকজনৰ মৃতদেহ ২০ ঘণ্টাৰ পাছত আৰক্ষীয়ে স্বগৃহলৈ নিয়ে যদিও, পৰিয়ালৰ লোকে বৰ্তমানেও চমজি লোৱা নাই মৃতদেহটো। আনহাতে বিশ্বনাথৰ বেলটৰ বিসংগতিৰ বাবে ভোটাৰ ৰাইজে জ্বলাই দিলে বেলট বাকচ। বেলটৰ বিসংগতিৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি পিছত বেলট বাকচত অগ্নিসংযোগ কৰে। এই ঘটনাক লৈ উত্তপ্ত হৈ পৰে অঞ্চলটো। মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মণিপুৰটুপত পুলিং বিষয়াক গণপ্ৰহাৰ দিয়ে ভোটাৰে।

ধনৰ বিনিময়ত বিজেপিৰ পক্ষ লোৱাৰ অভিযোগত ক্ষুণ্ণ ৰাইজে প্ৰহাৰ কৰে পুলিং বিষয়াগৰাকীক। ইপিনে, গোগামুখত নিৰাপত্তাবাহিনীৰ সন্মুখতে বাকচৰ পৰা উলিয়াই ৰাইজে জ্বলাই দিয়ে বেলট পেপাৰ। বিহপুৰীয়া বেলট বিসংগতিৰ বাবে ভোটকেন্দ্ৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰি প্ৰাণৰক্ষা কৰিবলগা হয় পুলিং আৰু প্ৰিজাইডিং বিষয়াই। আনহাতে, কোনো ঠাইত বেলট পেপাৰৰ বিসংগতিৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে বহু ৰাইজে। তাৰ বিপৰীতে কোনো ঠাইত আকৌ ভোটাৰ তালিকাত বিভ্ৰান্ত প্ৰাৰ্থীৰ প্ৰতীকৰ বিসংগতি আদিক লৈ বহু লোকে ভোটাধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হয়।

আন একাংশই ঠাইত আকৌ আবেলি ৩ বজাতহে আৰম্ভ হয় ভোটগ্ৰহণৰ প্ৰক্ৰিয়া। এইদৰে চৰম বেমেজালি, বিসংগতি তথা অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজেৰেই বুধবাৰে সম্পন্ন হোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ৭৫ শতাংশ ভোটদান হোৱা বুলি সদৰি কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। উল্লেখযোগ্য যে, পঞ্চায়ত নিৰ্বাচনত ইয়াৰ পূৰ্বে বুধবাৰৰ নিৰ্বাচনৰ দৰে অভাৱনীয় খেলিমেলি তথা অৰাজকতাময় পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল। প্ৰধানতঃ ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ পৰিপ্ৰেক্ষিততে ভোটগ্ৰহণৰ সময়ত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হৈছে।