অসম

মঙলবাৰে সন্ধিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমকে ধৰি প্ৰায় ১০০ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা মঙলবাৰৰ সন্ধিয়ালৈহে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কেইটামান সমষ্টিক বাদ দি বাকীবোৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হৈছে যদিও, অসমৰ তেজপুৰ আৰু নগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নামৰ ক্ষেত্ৰত জটিলতা এতিয়াও আঁতৰা নাই।

হিমন্ত বিশ্ব শৰ্মাক তেজপুৰ সমষ্টিৰ পৰা দলৰ শীৰ্ষ নেতৃত্বই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়াৰ পাছত সেই সমষ্টিটোত কোন হ'ব প্ৰাৰ্থী, তাক লৈ দলৰ মজিয়াত ভিন্ন মত দিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই। ইফালে, নগাঁও সমষ্টিৰ ক্ষেত্ৰতো মন্ত্ৰী ৰাজেন গোঁহাইৰ পত্নী ৰিতা গোঁহায়ে টিকট লাভ কৰিব নে নকৰে সেয়াও অনিশ্চিত।

আৰ এছ এছৰ এগৰাকী শীৰ্ষ নেতা কৃষ্ণগোপাল শৰ্মাই সোমবাৰে গুৱাহাটীলৈ আহি এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ নেতৃত্বই আলোচনা কৰি দুয়োটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাৰ পাছত দিল্লীত বিজেপি কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে তাত চূ়ড়ান্ত ছীল-মোহৰ মাৰিব। মঙলবাৰে দিল্লীত এই সমিতিৰ বৈঠক ৫.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব। সেই বৈঠকৰ অন্ততেই দলটোৱে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব।