অসম

শিলচৰত অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ কয়লা, সাৰ, চুপাৰীৰ পিচত বৰাকত এইবাৰ আৰম্ভ হৈছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। চৰকাৰী কৰ ফাঁকি দি মেঘালয়ৰ পৰা বৰাকত আমদানি কৰা হৈছে হাজাৰ হাজাৰ টন সৰল কাঠ৷ বন বিভাগে বুধবাৰে শিলচৰত এখন সৰল কাঠ ভৰ্তি ট্ৰাক জব্দ কৰাৰ পিচতে এই তথ্য পোহৰলৈ আহে৷

কাছাৰৰ ডিএফও চান্নি দেৱ চৌধুৰীৰ গোপন তথ্যৰ ভিত্তিত শিলচৰ সদৰৰ ৰেঞ্জাৰ চাহাদাদ আলীৰ নেতৃত্বত বন বিভাগৰ দল এটাই আশ্ৰম ৰোডৰ পৰা কাঠভৰ্তি ট্ৰাকখন জব্দ কৰে৷ "মা কালী টিম্বাৰচ" নামৰ কাঠৰ ডিপোটোৰ সন্মুখত কাঠ নমাই থকা অৱস্থাত অসমৰ পঞ্জীয়নকৃত ট্ৰাকখন বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয়।

বন বিভাগৰ সূত্ৰই সদৰি কৰা মতে, ট্ৰাকখনত থকা কাঠৰ কোনো বৈধ চালান নাছিল। যাৰ বাবে কাঠখিনি চোৰাং ভাৱে সৰবৰাহ কৰা বুলি নিশ্চিত হয় বন বিভাগ। অৱশ্যে ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হোৱাৰ পূৰ্বেই ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনে পলায়ন কৰে।