অসম

লামডিং আৰক্ষীৰ অভিযানত ট্ৰাকভৰ্তি তামোল জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ,লাংডিং : লামডিং আৰক্ষীৰ অভিযানত ট্ৰাকভৰ্তি তামোলসহ চুপাৰি জব্দ কৰা হয়। অভিযানত ট্ৰাক পৰা বস্তাই বস্তাই বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰে।

কেঁচা তামোল ভৰ্তি গাড়ীত লুকাই অনা অৱস্থাত চুপৰিখিনি জব্দ কৰে লামডিং আৰক্ষীয়ে। হাইলাকান্দি লালা বজাৰৰ পৰা লামডিং ৰাষ্ট্ৰীয় ঘাইপথ হৈ বৰপেটা অভিমুখী গৈ থকা অৱস্থাত লামডিং ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জব্দ কৰে বুলি জানিবলৈ দিয়ে।

AS 02 DC 4132 নম্বৰৰ ট্ৰাকত তামোলৰ লগত সৰবৰাহ কৰা হৈছিল বাৰ্মিছ চুপাৰি। সৰবৰাহ কৰি অনা গাড়ীখনৰ চালক আৰু হেন্দিমেণ্ডক ঘটনাস্থলীৰ পৰা আটক কৰে আৰক্ষীয়ে।