অসম

শিলচৰত কফ ছিৰাপসহ ত্ৰিপুৰাৰ তিনি ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰক নিৰাপদ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে ত্ৰিপুৰাত গঢ়ি তুলিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়৷ শিলচৰৰ একাংশ হোটেলত ঘাটি পাতি এই সকল ড্ৰাগছ ব্যৱসায়ীয়ে প্ৰায়ে শিলচৰৰ পৰা ত্ৰিপুৰালৈ সৰবৰাহ কৰে নিষিদ্ধ কফ ছিৰাপ৷

শুকুৰবাৰে আগৰতলালৈ নিয়াৰ সময়ত শিলচৰ আৰক্ষীয়ে জব্দ কৰে বুজণ পৰিমাণৰ কফ ছিৰাপৰ বটল৷ এখন অটোত ষ্টেচনলৈ নি থকা অৱস্হাত আৰক্ষীয়ে ২৭১ বটল কফ ছিৰাপ জব্দ কৰে৷ কফ ছিৰাপৰ সৈতে তিনিজন ড্ৰাগছ ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

ধৃত লোক কেইজন বিধেন্দু দেৱনাথ, ৰাজু সাহা আৰু চিৰঞ্জিত দেৱনাথ৷ এওঁলোকৰ আটাইৰে ঘৰ ত্ৰিপুৰাৰ তেলিমুৰা আৰু আগৰতলাত বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে৷