অসম

কেন্দ্ৰৰ সৈতে যুদ্ধবিৰতিৰ চুক্তিত স্বাক্ষৰ এনডিএফবিৰ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কেন্দ্ৰৰ সৈতে যুদ্ধ বিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিছে বড়ো বিদ্ৰোহী সংগঠন এনডিএফবিৰ চাওৰাইগৌৰা গোটে। এই অনুযায়ী গোটটোৱে মূলসুঁতিলৈ উভতি আহি হিংসা পৰিহাৰ কৰাৰ লগতে বড়ো সংগঠনসমূহৰ সৈতে শান্তি প্ৰক্ৰিয়াত চামিল হ'বলৈ আনুষ্ঠানিকভাৱে সন্মত হৈছে।

এনডিএফবিৰ এই গোটটোৱে বৃহস্পতিবাৰে বি চাওৰাইগৌৰাৰ নেতৃত্বত নতুন দিল্লীত কেন্দ্ৰ চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বুজাপৰা চুক্তিত স্বাক্ষৰ কৰে। শান্তি প্ৰক্ৰিয়াক এঢাপ আগুৱাই নিবলৈ এনডিএফবি (এছ)-এ অন্যান্য বড়ো সংগঠনসমূহৰ সৈতে সমিলমিলেৰে কাম কৰি যাবলৈকো সন্মত হয়।

'শান্তি প্ৰক্ৰিয়াক তৰান্বিত কৰাৰ বাবে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু এনডিএফবিয়ে ১৬ জানুৱাৰীত এখন ত্ৰিপাক্ষিক বুজাপৰা চুক্তিত স্বাক্ষৰ কৰে।'-এইদৰে উল্লেখ কৰা হৈছে চুক্তিখনত।

চুক্তিখনত স্বাক্ষৰ কৰিছে অসমৰ গৃহ আৰু ৰাজনীতি বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী, গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব) সত্যেন্দ্ৰ গাৰ্গ আৰু এনডিএফবি(এছ)ৰ সভাপতি বি চাওৰাইগৌৰাই।

চুক্তি স্বাক্ষৰকালত এনডিএফবি (এছ)ৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা আৰু দুজন মধ্যস্থতাকাৰী ক্ৰমে নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ সঞ্চালক ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচ আৰু আৰু কাৰ্যবাহী সঞ্চালক থুলুংগা বসুমতাৰীয়ো উপস্থিত থাকে। খবৰ অনুযায়ী গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে শান্তি চুক্তিৰ খচৰা প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে।

উল্লেখ্য যে, দিনদিয়েক পূৰ্বে চুবুৰীয়া ম্যানমাৰৰ শিবিৰ এৰি এনডিএফবিৰ চাওৰাইগৌৰা গোটৰ এটি ৫০ জনীয়া দলে মূলসুঁতিলৈ ঘূৰি আহিছে বুলি বাতৰি প্ৰকাশ পাইছিল। এই চাওৰাইগৌৰা গোটটো হৈছে আলোচনাৰ বাবে সন্মত হোৱা সংগঠনটোৰ তৃতীয়টো গোট।

প্ৰণিধানযোগ্য যে চুক্তিত স্বাক্ষৰ কৰা এনডিএফবিৰ দলটোক সম্প্ৰতি নতুন দিল্লীতে চৰকাৰে বিশেষ আতিথ্যৰে ৰাখিছে আৰু কম দিনৰ ভিতৰতে অসমলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ সঞ্চালক তথা মধ্যস্ততাকাৰী ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচে সদৰি কৰা মতে তেওঁলোকে ম্যানমাৰৰ পৰা এনডিএফবিৰ দলটোক আদৰি লৈ আহি নতুন দিল্লীলৈ নিয়ে আৰু চৰকাৰৰ সৈতে চুক্তি সম্পন্ন হয়।