অসম

ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা…

asomiyapratidin

ডিজিটেল সংবাদ ধেমাজিঃ দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু হৰ ঘৰ ত্ৰিৰংগ কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে পুৱা ৮.৩০ বজাত ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত এটি সজাগতা সমদল উলিওৱা হয়। জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই পুৱা আবৰ্ত ভৱনৰ সন্মুখৰ পৰা এই সমদল আনুষ্ঠানিকভাৱে পতাকা জোকাৰি শুভাৰম্ভ কৰে।

জিলা প্ৰশাসন আৰু ধেমাজি এইচ ডি এফ চিৰ বেংকৰ যুটীয়া উদ্যোগত এই উপলক্ষে বিয়লি ২.৩০ বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত এই প্ৰতিযোগিতাত ৯ খন বিদ্যালয়ৰ ৯৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেনীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰথম স্হানত
কিষান ময়ুৰী কোচঁ, দ্বিতীয় স্থানত ৰাজা দত্ত আৰু তৃতীয় স্হানত সংযুক্তা সেনে আৰু সপ্তম শ্ৰেনীৰ পৰা একাদশ শ্ৰেণীলৈকে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰথম স্হানত দেৱৰূপা চুতীয়া দ্বিতীয় স্হানত ধ্ৰুৱজ্যোতি পাইট আৰু তৃতীয় স্হানত টম পেগুৱে পাবলৈ সক্ষম হ'য় ৷

উপায়ুক্তই শ্ৰেষ্ঠ বিবেচিত ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰে। কাইলৈ দেশ বিভাজনৰ বিভিষীকা দিৱস উপলক্ষে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰিছে ৷ উল্লেখযোগ্য যে, জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ৰ উপৰি সৰ্বসাধাৰণ ৰাইজেও আজিৰে নিজ নিজ প্ৰতিষ্ঠান আৰু বাসভৱনত পতাকা উত্তোলন কৰি হৰ ঘৰ ত্ৰিৰংগ অভিযানক সফল কৰি তোলা দেখা গৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা অতি দুখীয়া পৰিয়ালৰ মাজত পতাকা বিতৰণ কৰাৰ উপৰি যোৱা কিছুদিন ধৰি বাটৰ নাট আদিৰে ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে।