১৮ মাৰ্চত মধুপুৰ সত্ৰত প্ৰয়াত সত্ৰাধিকাৰ  লক্ষ্মীকান্ত মহন্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...
১৮ মাৰ্চত মধুপুৰ সত্ৰত প্ৰয়াত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান... 
অসম

১৮ মাৰ্চত মধুপুৰ সত্ৰত প্ৰয়াত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...

Asomiya Pratidin

ডিজিটেল সংবাদ ধুবুৰীঃ যোৱা ৮ মাৰ্চত ইহলীলা সম্বৰণ কৰা কোচবিহাৰৰ মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি অহা ১৮ মাৰ্চত মধুপুৰ সত্ৰত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ প্ৰস্তুতি চলোৱা হৈছে। আজি সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাস, সম্পাদক ধীৰেন পাঠক আৰু স্থানীয় তদাৰক সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা এখন সভাত অহা ১৮ মাৰ্চত সত্ৰ চৌহদত দিনযোৰা কাৰ্যসূচীৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই অনুষ্ঠানৰ অংশ হিচাপে সেইদিনা ভাগৱত-পাঠ, নাম-প্ৰসংগ আৰু সোঁৱৰণী সভা অনুষ্ঠিত কৰা হ'ব। এই সকলো কাৰ্যসূচীত সত্ৰাধিকাৰগৰাকীয়ে শৰণ দিয়া অসম-বংগৰ ভক্তসকলৰ লগতে মধুপুৰ সত্ৰৰ লগত সংযুক্ত হৈ থকা বৰদোৱা, কমলাবাৰী, শুৱালকুছিৰ শ্ৰীহাতী সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বৰঙাজুলি সত্ৰ, বৰপেটা সত্ৰকে ধৰি অসমৰ আন বিভিন্ন নামঘৰ আৰু সত্ৰসমূহৰ ভকত বৃন্দক উপস্থিত থাকিবলৈ মধুপুৰ সত্ৰ সমিতিয়ে আহ্বান জনাইছে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত ৰজিতা খুৱাই প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ স্মৃতি চিৰস্থায়ী কৰি ৰখাৰ উদ্দেশ্য আগত ৰাখি এখন স্মৰণিকা প্ৰকাশৰো দিহা কৰা হৈছে। সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে ৯৬৭৮৭১৪৮২৭ নম্বৰৰ হোৱাটছএপ যোগে এই সম্পৰ্কত লেখা পঠিয়াবলৈ ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছে।

উল্লেখযোগ্য যে, অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সকলো ধৰণৰ সহায় আগবঢ়োৱা হ'ব বুলি সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসক জানিবলৈ দিয়ে।